Holi Celebration in Majuli: চাৰিশ বছৰীয়া পৰম্পৰাৰে মাজুলীৰ বিভিন্ন সত্ৰত বোকা খেল - Holi Celebration 2023
🎬 Watch Now: Feature Video

মাজুলী, 8 মাৰ্চ : ৰঙৰ উৎসৱ ফাকুৱাক লৈ সমগ্ৰ ৰাজ্যৰ লগতে সত্ৰভূমি মাজুলীতো এক উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে । সত্ৰ, গাঁও সকলো ফাকুৰ ৰঙেৰে ৰঙীন হৈ পৰা পৰিলক্ষিত হৈছে ৷ একেধৰণে চাৰিশ বছৰীয়া পৰম্পৰাৰে মাজুলীৰ বিভিন্ন সত্ৰত ফাকুৱা উপলক্ষে দেখিবলৈ পোৱা গৈছে বোকা খেলৰ পৰিৱেশ । মাজুলীৰ ঐতিহাসিক গড়মূৰ সত্ৰত বুধবাৰৰ পুৱাৰে পৰা বোকা খেলি সত্ৰৰ বৈষ্ণৱসকলে হোলী উদযাপন কৰে (Holi Celebration 2023)।
বোকা আৰু গোবৰৰ সংমিশ্ৰণ কৰি প্ৰস্তুত কৰা মাটি শৰীৰত সানিলে চৰ্ম ৰোগ নিৰাময় হয় বুলি লোক বিশ্বাস আছে । তাৰোপৰি শৰীৰত বোকা সানিলে বিভিন্ন ৰোগৰ পৰাও পৰিত্ৰাণ পোৱা যায় বুলি এক জনবিশ্বাস অতীজৰ পৰাই চলি আহিছে । যাৰ বাবে প্ৰতিবছৰে আজিৰ দিনটোত গড়মূৰ সত্ৰত দেখিবলৈ পোৱা যায় এনে এক পৰিৱেশ । মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰ, নৰসিংহ সত্ৰ, চামগুৰি সত্ৰ, বেঙেনাআটী সত্ৰটো সত্ৰীয়া ৰীতি নীতিৰে উদযাপন কৰা হয় হোলী উৎসৱ (Holi Celebration in Majuli) ।
সত্ৰ সমূহৰ উপৰিও মাজুলীৰ প্ৰতিখন গাঁৱতে ডেকা, বুঢ়া সকলোৱে উদযাপন কৰিছে হোলী ।