Thang Ta Game : ৰাষ্ট্ৰীয় থাং টা ক্ৰীড়াত হোজাইৰ ২ খেলুৱৈৰ স্বৰ্ণ পদক - Assam won 2 gold in national Thang Ta

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 8:03 PM IST

হোজাই, ১২ অক্টোবৰ : ক্ৰীড়াৰ ক্ষেত্ৰত ৰাজ্যলৈ পুনৰ এক সুখবৰ । এইবাৰ এক বিশেষ সমৰকলাত ৰাজ্যবাসীক গৌৰৱান্বিত কৰিছে দুই খেলুৱৈয়ে । ৰাষ্ট্ৰীয় পৰ্যায়ৰ থাং টা ক্ৰীড়াত হোজাই তথা অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে দুগৰাকী খেলুৱৈয়ে । শ্ৰীনগৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় থাং টা ক্ৰীড়াত হোজাই জিলাৰ পৰা অসমৰ হৈ থাং টা ক্ৰীড়াত অংশগ্ৰহণ কৰি খেলুৱৈ দুগৰাকীয়ে স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে শ্ৰীনগৰত দেশৰ ২২ খন ৰাজ্যৰ মাজত অনুষ্ঠিত হৈছিল এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমৰকলা প্ৰতিযোগিতা । উক্ত প্ৰতিযোগিতাতে স্বৰ্ণ পদক অৰ্জন কৰে হোজাইৰ মৃণাল সিনহা আৰু ৰশ্মিতা দেৱীয়ে । আনহাতে, উক্ত প্ৰতিযোগিতাত সফলতা অৰ্জনৰ পিছত বৃহস্পতিবাৰে ৰে'লযোগে আহি হোজাইত উপস্থিত হয় খেলুৱৈ দুগৰাকী । তেওঁলোক আহি উপস্থিত হোৱাৰ পিছতে দুয়োকে উষ্ম আদৰণি জনোৱা হয় । ইয়াৰ বাবে হোজাই ৰে'ল ষ্টেচনত বহুসংখ্যক ক্ৰীড়ানুৰাগী উপস্থিত থাকে ।

উক্ত প্ৰতিযোগিতাত অসমৰ পৰা এটা ৪২ জনীয়া দলে অংশগ্ৰহণ কৰে । ইয়াৰে ভিতৰত অসমে ৭ টা সোণ, ৬ টা ৰূপ আৰু ৭ টা ব্ৰঞ্জৰ পদক অৰ্জন কৰে ।

উল্লেখ্য যে থাং টা হৈছে এক পৰম্পৰাগত সমৰকলা । সাধাৰণতে মণিপুৰৰ এই পৰম্পৰাগত ক্ৰীড়াৰ অৰ্থ হৈছে থাং মানে তৰোৱাল আৰু টা মানে বৰ্শা । সাধাৰণ অৰ্থত ইয়াক তৰোৱাল যুঁজ বুলিও ক'ব পাৰি ।

লগতে পঢ়ক :Warm welcome to Lovlina Borgohain: গৃহভূমি পালেহি বক্সিং ৰিঙৰ ৰাণী লাভলীনা বৰগোঁহাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.