বৰভেটিৰ ইতিহাস; কিয় লোণদান কৰে ভক্তই ? - তীৰ্থ ভূমিত ভক্তই ভক্তি ভাবেৰে লোণ দান
🎬 Watch Now: Feature Video


Published : Nov 27, 2023, 8:27 AM IST
যোৰহাট, ২৭ নৱেম্বৰ : অগণন ভক্তৰে লোকাৰণ্য মালৌপথাৰ ৷ দেওবাৰে সফলভাৱে সমাপ্তি হয় ঐতিহ্যাসিক মালৌপথাৰত অৱস্থিত বৰভেটিত ২৫৬ সংখ্যক ন-লগোৱা উৎসৱ ৷ সকলোৰে জ্ঞাত যে, মায়ামৰাৰ বৈষ্ণৱ গুৰু শ্ৰীশ্ৰী অষ্টভুজৰ নেতৃত্বত ৮ লাখ ৯০ হাজাৰ ভক্তৰ মহান ত্যাগ আৰু শ্ৰমৰ ফলশ্ৰুতিত গঢ় লৈ উঠিছিল এই বৰভেটি তীৰ্থভূমি । সেয়ে এই ন-লগোৱা উৎসৱত ৰাজ্য ভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহি ধূপ-চাকি-নৈবদ্য আগবঢ়ায় আৰু উক্ত তীৰ্থ ভূমিত লোণ দান কৰে ৷
জনবিশ্বাস মতে, তীৰ্থ ভূমিত ভক্তই ভক্তি ভাবেৰে লোণ দান কৰিলে মনোবাঞ্চা পূৰণ হয় । উল্লেখ্য যে, আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্বকালত মায়ামৰা সত্ৰাধিকাৰ অষ্টভুজ গোসাইৰ দিনতেই তেওঁৰ পুত্ৰ সপ্তভুজে ১৭৬৮ খীষ্টাব্দত সমগ্ৰ অসমত সিঁচৰিত হৈ থকা শিষ্যসকলক আমন্ত্ৰণ কৰি প্ৰত্যককে একোচপৰাকৈ মাটি দিয়াই মালৌ পথাৰৰ দ ঠাইত বৰভেটি বনাইছিল । উক্ত ভেটিটো ওখ হোৱাৰ বাবে ইয়াক বৰভেটি বুলি জনা যায় ।
লগতে পঢ়ক : ২৫৬ সংখ্যক ন লগোৱা উৎসৱ; লোকাৰণ্য বৰভেটিৰ বাকৰি