Heroin seized: কাছাৰ আৰক্ষীৰ অভিযানত বুজন পৰিমানৰ হেৰ’ইনসহ মহিলা গ্ৰেপ্তাৰ - কাছাৰ আৰক্ষীৰ অভিযান
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/01-09-2023/640-480-19411064-thumbnail-16x9-karim.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 1, 2023, 10:18 PM IST
কৰিমগঞ্জ, 1 ছেপ্টেম্বৰ : কাছাৰত পুনৰ ড্ৰাগছ বিৰোধী অভিযান । শুকুৰবাৰে কাছাৰ আৰক্ষীয়ে 7 কোটি টকাৰ কোটি মূল্যৰ হেৰ’ইন জব্দ কৰে। কাছাৰ জিলাৰ লক্ষীপুৰ মহকুমাৰ অন্তৰ্গত লবকাপাৰ চতুৰ্থ ব্লকত ক্ৰাইম ব্ৰাঞ্চ আৰু লক্ষীপুৰ থানাৰ অ’ চি কমলেশ সিং আৰু জয়পুৰ থানাৰ অ’ চি সুবোধ গগৈৰ এটা দলে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত যৌথ অভিযান চলাই প্ৰথমে 58 টা চাবোনৰ বাকচত প্ৰায় 750 গ্ৰাম হেৰ’ইনসহ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে।
ধৃত মহিলাগৰাকীৰ নাম মীনা কুমাৰী শৰ্মা বুলি জানিব পৰা গৈছে । তাৰ পিচতে সোধা পোছাৰ অন্তত মীনা কুমাৰী শৰ্মাক লক্ষীপুৰ থানালৈ অনা হয় ৷
আনহাতে দ্বিতীয়বাৰৰ পুনৰ কাছাৰ আৰক্ষীয়ে অভিযান চলোৱাৰ অন্তত আৰক্ষীয়ে 42 টা প্লাষ্টিকৰ বাকচত 920 গ্ৰাম হেৰ’ইন জব্দ কৰে। দুয়োটা অভিযানত আৰক্ষীয়ে মুঠ 100 টা প্লাষ্টিকৰ বাকচত 1.640 গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়।
ধৃত মহিলাগৰাকীৰ বিৰুদ্ধে এন ডি পি এছে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। জানিব পৰা মতে, শুকুৰবাৰে তেওঁক লক্ষীপুৰ আদালতত হাজিৰ কৰা হয়।
লগতে পঢ়ক: Drugs peddler detained: সৰুপথাৰৰ উৰিয়ামঘাটত ড্ৰাগছসহ দুটা সৰবৰাহকাৰীক আটক