thumbnail

By

Published : Apr 19, 2023, 11:44 AM IST

ETV Bharat / Videos

Heavy Storm in Dibrugarh: ৰঙালীৰ আনন্দৰ মাজতে ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ তাণ্ডৱ

ডিব্ৰুগড়, 19 এপ্ৰিল: ৰঙালীৰ আনন্দৰ মাজতে ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ তাণ্ডৱ (Heavy Storm in Dibrugarh) । ধুমুহাৰ তাণ্ডৱত লাহোৱালত গছ পৰি এগৰাকী বৃদ্ধাৰ মৃত্যু ৷ লাহোৱালৰ তামোলবাৰী চাহ বাগিচাৰ ৫ নম্বৰ লাইনত সংঘটিত হয় এই ভয়ংকৰ ঘটনা ৷ প্ৰকাণ্ড গছ উভালি পৰি মৃত্যু হয় বৃদ্ধাগৰাকীৰ। বৃদ্বাগৰাকীৰ নাম শুকুৰ আৰ মূড়া (৬০) ৷ মঙলূবাৰে নিশাভাগত অহা বতাহৰ ফলত এজোপা বৃহৎ গছ মহিলাগৰাকীৰ ঘৰৰ ওপৰত উভালি পৰাত আকস্মিকভাৱে মৃত্যু হয় শুকুৰ আৰ মূড়া নামৰ বৃদ্ধা মহিলাগৰাকীৰ ৷ বৃহৎ আকাৰৰ জৰী গছজোপা উভালি পৰাত বৃদ্ধা মহিলাগৰাকীৰ ঘৰ চূৰ্ণ - বিচুৰ্ণ হয় ৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে ঘোঁৰামৰা আৰক্ষী (Heavy storm at various place in Dibrugarh) ৷

পুঁৱতি নিশা আহিছিল এই বিধ্বংসী ধুমুহাজাক ৷ বিভিন্ন ঠাইত উভালি পৰিল বহু সৰু-ডাঙৰ গছ ৷ নিশাৰে পৰা বহু অঞ্চলত ব্যাহত বিদ্যুৎ সংযোগ ৷ জিলাখনৰ টিংখাঙ সমষ্টিৰ দাঁতি কাষৰীয়া ১নং চৰাইহাবী, ২নং চৰাইহাবী, নিগম আদি অঞ্চলত বহুলোকৰ ঘৰৰ ক্ষতি হোৱাৰ লগতে ঘৰৰ মূল্যৱান বয়বস্তু নষ্ট হোৱাৰ উপৰিও ধানৰ ভঁৰাল আদিৰ টিনপাত উৰুৱাই নিয়াৰ ফলত বৰষুণে সম্পূৰ্ণ নষ্ট কৰে শস্য (Women Died for Storm in Dibrugarh) ৷ 

লগতে পঢ়ক: Moran Bihu at Tinsukia: আজিৰে পৰা আৰম্ভ মৰাণ জনগোষ্ঠীৰ বিহু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.