Massive Erosion: ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়াত জাহ গৈছে ললিতি চাপৰিৰ বিস্তীৰ্ণ এলেকা - Brahmaputra River at Lality Chapari in Jorhat

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 17, 2023, 7:21 PM IST

যোৰহাট, 17 জুন: ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়াত জাহ গৈছে ললিতি চাপৰিৰ বিস্তীৰ্ণ এলেকা ৷ এপাচি শাকত এটা জালুক দিয়াৰ দৰে বাঁহেৰে খহনীয়া ৰোধৰ বৃথা চেষ্টা জলসম্পদ বিভাগৰ ৷ জলসম্পদ বিভাগে খৰালিৰ সময়ত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ নকৰা বাবে এক ভয়াৱহ দুৰ্যোগৰ দিশে গতি কৰিছে পশ্চিম যোৰহাটৰ ললিতি চাপৰিৰ প্ৰায় 500 টা পৰিয়াল ৷ ফলত ভোট বৰ্জনৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছে ৰাইজ ৷

পশ্চিম যোৰহাটৰ ললিতি চাপৰিত ব্ৰহ্মপুত্ৰই সৃষ্টি কৰাৰ ভয়াৱহ খহনীয়াৰ বাবে এই পৰিয়ালসমূহৰ ভূমি ব্ৰহ্মপুত্ৰৰ বুকুত এফালৰ পৰা জাহ গৈছে ৷ ফলত যোৰহাট নগৰৰ পৰা প্ৰায় 30 কি:মি: আঁতৰত ব্ৰহ্মপুত্ৰৰ নৈৰ কাষত বাস কৰি অহা ললিতি চাপৰিৰ প্ৰায় 500 টা পৰিয়াল বৰ্তমান ভুগিছে নিৰাপত্তাহীনতাত ৷ এফালৰ পৰা দুৰ্ভগীয়া কৃষক সকলৰ মাটি নদীৰ বুকুত জাহ যোৱাৰ ফলত দিগবিদিক হেৰুৱাই পেলাইছে ৰাইজে ৷

কৃষি ভূমিৰ লগতে ব্ৰহ্মপুত্ৰৰ তীব্ৰ গঢ়াখহনীয়াত আপোন ঘৰখন হেৰুৱাই ক্ষোভত ফাটি পৰি চৰকাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব লৈ বাধ্য হৈ পৰিছে ৰাইজ ৷ আনহাতে খহনীয়াত আক্ৰান্ত লোক সকলে খহনীয়া ৰোধৰ বাবে বাৰম্বাৰ জিলা প্ৰশাসন তথা চৰকাৰক অনুৰোধ কৰাৰ পাছতো সংশ্লিষ্ট বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ ৷ জলসম্পদ বিভাগে কেইডাল মান বাঁহেৰে খহনীয়া ৰোধৰ বাবে বৃথা চেষ্টা চলাইছে ৷ জলসম্পদ বিভাগৰ এনে কামত ক্ষোভত ফাটি পৰিছে এইসকল খহনীয়াত আক্ৰান্ত লোক ৷

লগতে পঢ়ক: Morigaon News: মৰিগাঁৱত কৃত্ৰিম বান; কাণসাৰ নাই লোক নিৰ্মাণ বিভাগৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.