Police fined for Traffic Rule Violation: খোদ আৰক্ষীয়ে নামানে যান-বাহন আইন, ৰাইজ ৰোষত আৰক্ষী - Assam
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/18-07-2023/640-480-19034475-thumbnail-16x9-nara.jpg)
বিহপুৰীয়া,18 জুলাই: কেইদিনমান পূৰ্বে মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্ত সকলক যান-বাহন নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ হ’বলৈ নিৰ্দেশ দিছিল ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে যান-বাহন নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে যান-বাহন আৰক্ষী ৷ হেলমেট পৰিধান নকৰা, চিটবেল্ট পৰিধান নকৰা আৰু সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰাখিছে যান-বাহন আৰক্ষীয়ে ৷ কিন্তু এইবাৰ ৰাইজৰ ৰোষত পৰিল আৰক্ষী ৷
যান-বাহন নিয়ম উলংঘনকাৰীৰ বিৰুদ্ধে অভিযান চলোৱা সময়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নাৰায়ণপুৰত ৷ সন্ধিয়া লখিমপুৰ জিলাৰ নাৰায়ণপুৰত আৰক্ষী আৰু সাধাৰণ ৰাইজৰ মাজত ছিটবেল্ট পৰিধান নকৰাক লৈ বাক যুদ্ধ আৰম্ভ হয় ৷ জানিব পৰা মতে খোদ আৰক্ষীয়ে বাহন চলাওতে ছিটবেল্ট পৰিধান কৰা নাছিল ৷ যাৰ বাবে যান বাহন নিয়ম নমনা নাৰায়ণপুৰ আৰক্ষীকো জৰিমনা দিবলৈ বাধ্য কৰাই ৰাইজে ৷ যাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয় ৷
লগতে পঢ়ক:Crime in Lakhimpur: ন-বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তাল নাৰায়ণপুৰ