Heated situation:ৰূপহীহাটৰ কাঠপাৰা সাপ্তাহিক গৰু বজাৰত উত্তপ্ত পৰিস্থিতি - Heated situation
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06-10-2023/640-480-19694501-thumbnail-16x9-rupohihaat.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Oct 6, 2023, 10:40 AM IST
চামগুৰি, 6 অক্টোবৰ : ৰূপহীহাটৰ কাঠপাৰা সাপ্তাহিক গৰু বজাৰত উত্তপ্ত পৰিস্থিতি । বিদ্যালয়ৰ খেলপথাৰত অবৈধভাৱে গৰু বজাৰ বহুৱাৰ বাবেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । দীৰ্ঘদিনৰ পৰা কাঠপাৰাত বিদ্যালয় খেলপথাৰত বজাৰ কমিটীয়ে চলাই আহিছে গৰুৰ বজাৰ । বিদ্যালয় খেলপথাৰত অনুমতি অবিহনে চলাই যোৱা গৰুৰ বজাৰে বিনষ্ট কৰিছে শৈক্ষিক পৰিৱেশ । স্থানীয় ৰাইজৰ দাবী, কলিয়াবৰ মহকুমাধিপতি আৰু চামগুৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক লিখিত অভিযোগ দিয়াৰ পিচতো গা লৰা নাই বজাৰ কমিটীৰ ।
স্থানীয় ৰাইজ আৰু আমবাগান আৰক্ষীৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে যদিও সম্পূৰ্ণকৈ বিদ্যালয়ৰ খেলপথাৰ মুকলি কৰাৰ বাবে জিলা আয়ুক্তৰ হস্তক্ষেপ বিচাৰিছে স্থানীয় ৰাইজে । কাঠপাৰা বজাৰ কমিটীৰ বিৰুদ্ধে গুণ্ডামিৰ অভিযোগো উত্থাপন কৰিছে স্থানীয় ৰাইজে ।
লগতে পঢ়ক : Samguri News: চামগুৰিৰ নামা-পাঘালিত বোমাৰ আতংক