thumbnail

By

Published : Feb 3, 2023, 6:06 PM IST

Updated : Feb 3, 2023, 8:40 PM IST

ETV Bharat / Videos

crackdown against child marriage in Assam: বাল্যবিবাহৰ গোচৰত হাতীগাঁও খানাত 12গৰাকী স্বামীক গ্ৰেপ্তাৰ

গুৱাহাটী, 3 ফেব্ৰুৱাৰী: মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাচতেই বাল্যবিবাহৰ বিৰুদ্ধে বৃহস্পতিবাৰৰ পৰা চলোৱা অভিযানত শুকুৰবাৰৰ বিয়লি 3 বজালৈকে 2044গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে(Major crackdown against child marriage in Assam) ৷ মহানগৰ আৰক্ষীয়েও ৰুজু হোৱা গোচৰৰ ভিত্তিত চলাইছে তীব্ৰ অভিযান ৷ হাতীগাঁও আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলায় গ্ৰেপ্তাৰ কৰে 12গৰাকীকৈ স্বামীক ৷  

বৃহস্পতিবাৰৰ নিশাৰ পৰা ৰুজু হোৱা 19 টা গোচৰৰ ভিত্তিত অভিযান আৰম্ভ কৰি 12গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ গ্ৰেপ্তাৰ হোৱা লোককেইজন ক্ৰমে মুনাফ আলি, ৰহিজ আলি, শুকুৰ আলি, সামিদ আলি, জয়নুদ্দিন আহমেদ, আজম চাহ, মনুৱাৰ হুছেইন, জালাল উদ্দিন, শেইখ জাইনাল উদ্দীন, চামচুল ছাহ আৰু মনিউৰ হুছেইন(Operation against child marriage in Assam) ।  

গ্ৰেপ্তাৰ কৰিবলৈ বাকী থকা আন লোকসকলৰ বিৰুদ্ধে অভিযান অব্যাহত আছে বুলি সদৰী কৰিছে আৰক্ষীয়ে(Child marriage case in Guwahati) ৷ ইফালে বৃহস্পতিবাৰে নিশাৰে পৰা গ্ৰেপ্তাৰ কৰা লোকসকলৰ আত্মিয়ই শুকুৰবাৰে পুৱাই হাতীগাঁও আৰক্ষী থানাত ভিৰ কৰে । বহুলোকক বিবাহৰ উপযুক্ত নথি-পত্ৰ থকাৰ পাচতো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে আত্মীয়ই ৷  

আৰক্ষীয়ে ৰাজ্যজুৰি দুই সহস্ৰাধিক লোকক গ্ৰেপ্তাৰ কৰিছে যদিও গ্ৰেপ্তাৰ হোৱা লোকসকলৰ পত্নীয়ে চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰাৰ লগতে দৰ্শাইছে আপত্তি ৷ আনফালে, গ্ৰেপ্তাৰ হোৱা স্বামীৰ পত্নীক তাৎক্ষণিকভাৱে বিনামূলীয়া চাউল আৰু অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(Assam CM on Child marriage) ৷ 

তথ্য অনুসৰি ধুবুৰী জিলাত ৰুজু হৈছে বাল্য বিবাহৰ সৰ্বাধিক গোচৰ ৷ আনহাতে, হাইলাকান্দি জিলাত ৰুজু হৈছে সৰ্বনিম্ম এটা গোচৰ ৷ আনফালে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমত বাল্য বিবাহৰ সমস্যা সমাধান নোহালৈকে অভিযান অব্যাহত ৰখাৰ কথা ঘোষণা কৰি কয় যে, অসম চৰকাৰ ৰাজ্যখনত বাল্য বিবাহৰ সমাপ্ত কৰাৰ সংকল্পত দৃঢ় ৷ এই সন্দৰ্ভত শুকুৰবাৰে বিয়লি এক সংবাদমেলো সম্বোধন কৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে(DGP GP Singh on child marriage) ৷ 

লগতে পঢ়ক: AAMSU reaction on Child marriage: চৰকাৰক সমৰ্থন জনাই বাল্যবিবাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ আহ্বান আমছুৰ

Last Updated : Feb 3, 2023, 8:40 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.