Birthday of Twik: দীঘলসাঁকোত উদযাপন টুইকৰ জন্মদিন

By

Published : Nov 1, 2022, 5:07 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail
তিনি বছৰীয়া হ’ল টুইক (Happy Birthday Twik) ৷ তিনিচুকীয়া জিলাৰ বৃহত্তৰ বাৰেকুৰি অঞ্চলৰ দীঘলসাঁকোবাসী ৰাইজে উদযাপন কৰিছে টুইকৰ জন্মদিন ৷ পিছে প্ৰকৃততে টুইক দীঘলসাঁকো গাঁৱৰ কোনো লোকৰ সন্তান নহয় ৷ টুইক হৈছে প্ৰকৃততে বাৰেকুৰি দীঘলসাঁকো গাঁৱৰ হলৌ বান্দৰ পৰিয়ালটোৰ এটা সদস্য (Hoolock Gibbon family in Tinsukia) ৷ টুইকৰ জন্মদিন উপলক্ষে দীঘলসাঁকো গাঁৱত স্থানীয় ৰাইজৰ লগতে ভালেসংখ্যক পৰিৱেশ কৰ্মীয়ে কেক কাটি, হলৌ বান্দৰক কল খুৱাই আনন্দ উপভোগ কৰে ৷ অঞ্চলটোৰ স্থানীয় একাংশ ৰাইজে টুইকৰ এই জন্মদিনটোতেই হলৌ বান্দৰ সংৰক্ষণৰ লগতে বাৰেকুৰিক পৰ্যটনৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ চৰকাৰৰ লগতে অইল ইণ্ডিয়া লিমিটেড আৰু বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায় ৷
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.