thumbnail

By

Published : Aug 13, 2023, 11:00 AM IST

ETV Bharat / Videos

Handx robotic system : উত্তৰ পূৰ্বাঞ্চলত আৰম্ভ হ’ল কম খৰচী Handx ৰবটিক চিষ্টেম

গুৱাহাটী, 13 আগষ্ট : উত্তৰ পূৰ্বাঞ্চলৰ ৰোগীৰ বাবে সুখবৰ । উত্তৰ পূৰ্বাঞ্চলত আৰম্ভ হ’ল কম খৰচী Handx ৰবটিক চিষ্টেম । মহানগৰীৰ নেমকেয়াৰ ছুপাৰস্পেচিয়েলিটি হাস্পতালত শনিবাৰে উদ্বোধন কৰা হ’ল Handx ৰবটিক চিষ্টেম । চিকিৎসালয়খনত মেৰিল কোম্পানীৰ উদ্যোগত উত্তৰ পূৰ্বৰ প্ৰথমটো HandX ৰবটিক চিষ্টেম আনুষ্ঠানিকভাৱে মুকলি কৰা হয় । লেপাৰস্কপিক ৰবটিক চাৰ্জন ডাঃ মনোজ কুমাৰ চৌধুৰীৰ নেতৃত্বত পূব ভাৰতৰ হেণ্ড এক্স ৰবটিক চিষ্টেম প্ৰথমটো ব্যৱস্থা স্থাপন কৰা হয় ।

ডাঃ মনোজ কুমাৰ চৌধুৰীয়ে কয়, ‘‘এই ৰবটিক ব্যৱস্থাৰ প্ৰয়োগ কৰি অতি কম খৰচত ৰোগীৰ অস্ত্ৰোপচাৰ সম্পন্ন হ'ব । এই পদ্ধতিৰ দ্ধাৰা ৰোগীয়ে অস্ত্ৰোপচাৰ কৰিলে এক তৃতীয়াংশ খৰচ কম হ’ব । এই পদ্ধতিৰ দ্বাৰা কষ্ট লাঘৱ হ’ব ৰোগীৰ । লেপাৰ’স্কপিক অস্ত্ৰোপচাৰত থকা অসুবিধা দূৰ কৰিবলৈ এই নতুন পদ্ধতিৰ ব্যৱস্থা’’ ।

এই অনুষ্ঠানত নেমকেয়াৰ হাস্পতালৰ পৰিচালন সঞ্চালক ডাঃ হিতেশ বৰুৱাই কয়, ‘‘আজি উত্তৰ পূৰ্বাঞ্চলৰ বাবে এক বিশেষ খবৰ । এই ব্যৱস্থাই উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক সুলভ খৰচত HandX ৰবটিক চিষ্টেমৰ সুবিধা প্ৰদান কৰিব’’ ।

লগতে পঢ়ক : Complicated brain surgery: গুৱাহাটীৰ চি এন চেণ্টাৰত বাংলাদেশৰ কণমানি শিশুৰ মগজুৰ সফল অস্ত্ৰোপচাৰ 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.