Sarukhetri Book Fair: সৰুক্ষেত্ৰী গ্ৰন্থমেলাত হাতেলিখা আলোচনীৰ বিপণি মুকলি - কাঁহশিল্প নগৰী সৰ্থেবাৰী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 4, 2022, 9:58 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

বৰপেটা জিলাৰ ঐতিহাসিক কাঁহশিল্প নগৰী সৰ্থেবাৰীত ভিক্টৰ গ্ৰুপৰ উদ্যোগত অনুষ্ঠিত হৈ থকা পঞ্চদশ বাৰ্ষিক সৰুক্ষেত্ৰী গ্ৰন্থমেলাৰ তৃতীয় দিনা আবেলি বিদ্যালয়সমূহৰ হাতেলিখা আলোচনীৰ এখন বিপণি মুকলি কৰা হয় (Handwritten Magazines shop opened) । প্ৰায় ৩৮ খন বিদ্যালয়ৰ হাতেলিখা আলোচনীৰ বিপণিখন আনুষ্ঠানিকভাৱে মুকলি কৰে চেঙা প্ৰাথমিক শিক্ষাখণ্ডৰ শিক্ষা বিষয়া তথা শিক্ষাৰত্ন বঁটা প্ৰাপক লীলাধৰ দাসে । হাতেলিখা আলোচনী প্ৰদৰ্শনৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা নলবাৰী জিলা প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকাৰ প্ৰচেষ্টাৰ শলাগ লয় শিক্ষা বিষয়া লীলাধৰ দাসে । উল্লেখ্য যে, সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত পাঁচদিনীয়াকৈ অনুষ্ঠিত হৈছে "সৰুক্ষেত্ৰী গ্ৰন্থমেলা" ( Sarukhetri Book Fair)। বিগত ২ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে এই পঞ্চদশ বাৰ্ষিক সৰুক্ষেত্ৰী গ্ৰন্থমেলা (15th Sarukhetri book fair begins) ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.