হাতীগাঁৱত ৰহস্যময় হোটেলৰ কোঠাৰ পৰা জপিয়ালে যুৱকে - Babylon Guwahati
🎬 Watch Now: Feature Video


Published : Jan 11, 2024, 10:50 PM IST
গুৱাহাটী, ১১ জানুৱাৰী : কি চলে মহানগৰীৰ পাৰ্লাৰ আৰু হোটেলসমূহত ? এঘন্টা নাইবা দুঘণ্টাৰ বাবে হোটেলসমূহৰ কোঠা ভাড়ালৈ দি দেহ ব্যৱসায় চলাই গৈছে একাংশ হোটেলৰ স্বত্বাধিকাৰীয়ে !
এনে এক ঘটনাই যেন প্ৰতিফলিত হৈছে মহানগৰীৰ হাতীগাঁৱৰ এখন হোটেলত । হাতীগাঁওস্থিত হোটেল বেবিলনৰ প্ৰথম মহলাত থকা কোঠাৰ খিৰিকীৰে বৃহস্পতিবাৰে এজন যুৱক জঁপিয়াই ওলাই যোৱাৰ পিচতেই পোহৰলৈ আহে সমগ্ৰ ঘটনা ।
জানিব পৰা মতে হাতীগাঁৱৰ বিশেষ হোটেলখনত জেহেৰুদ্দিন নামৰ এজন লোকজনে দীৰ্ঘদিনে চলাই গৈছে নাৰীদেহৰ ৰমৰমীয়া বেহা । হোটেলখনৰ লগতে সংলগ্ন হৈ আছে বি ইউনিক লুকচ নামৰ এখন পাৰ্লাৰ । স্থানীয় লোকৰ অভিযোগ অনুসৰি হোটেল তথা পাৰ্লাৰখনলৈ প্ৰতিদিনে সোঁত বয় ৰহস্যময়ী যুৱতীৰ । তাৰ পিচতেই বিলাসী বাহনেৰে অহা-যোৱা কৰে একাংশ যুৱক ।
বৃহস্পতিবাৰে সংঘটিত হোৱা ঘটনাটোৰ পিচতে AS 07 S 3065 নম্বৰৰ বাহনখন এৰি খিৰিকীৰে পলাই যায় যুৱকজন । তাৰ পিচতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ হোটেলৰ কোঠাৰ পৰা উদ্ধাৰ কৰে সুৰাৰ বটলৰ লগতে যৌন কাৰ্যত ব্যৱহৃত বিভিন্ন সামগ্ৰী ।
লগতে পঢ়ক: ৰঙাপাৰাত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ দহ কিশোৰ-কিশোৰী