Guwahati theft incident: ব্যস্ত এলেকাতো সাৰি নগ’ল ঘৰ
🎬 Watch Now: Feature Video
গুৱাহাটী, ১২ আগষ্ট : মহানগৰীত পুনৰ চুৰিকাণ্ড । এইবাৰ বেলতলা ভগদত্তপুৰৰ গাৰোকুছি পথত সন্ধিয়াৰ ভাগতে চোৰে চলালে চাফাই অভিযান । গৃহস্থ নথকাৰ সুযোগ লৈ সমস্ত লুটিলে চোৰে । অজিত দাসৰ বাসগৃহত সংঘটিত হয় এই চুৰিকাণ্ড । গৃহস্থ নথকাৰ সুযোগ লৈ তলা ভাঙি চোৰে লৈ গ’ল কেইবালাখ টকা মূল্যৰ সোণৰ আ-অলংকাৰৰ লগতে নগদ প্ৰায় এক লাখ টকা । ইয়াৰ লগতে চোৰে খুলি নিলে LCD TV আৰু ভৰ্তি চিলিণ্ডাৰ ।
স্মৰ্তব্য যে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী অজিত দাসৰ নলবাৰীস্থিত শাহুয়েকৰ মৃত্যুৰ খবৰ ল’বলৈ যোৱাৰ সময়তে সংঘটিত হয় এই চুৰিকাণ্ড । শুকুৰবাৰে সন্ধিয়া একেটা চৌহদতে থকা এগৰাকী ভাড়াতীয়াই প্ৰথমতে প্ৰত্যক্ষ কৰে দৰ্জা খোল খাই থকা । তাৰ পিচতে লগে লগে দিছপুৰ আৰক্ষীক খবৰ দিয়ে ৷
দিছপুৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । ফৰেন্সিকৰ এটা দলেও চুৰিকাণ্ড সংঘটিত হোৱা স্থানৰ নমুনা সংগ্ৰহ কৰে । ইফালে একেটা চৌহদত কেইবা ঘৰো ভাড়াতীয়া থকাৰ পিচতো এইদৰে চোৰে মৰসাহ কৰি চুৰিকাণ্ড সংঘটিত কৰাত আশ্বৰ্য প্ৰকাশ কৰিছে স্থানীয় লোকে । সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
লগতে পঢ়ক : Guwahati mobile shop theft incident: আৰক্ষী নিদ্ৰাত; হাতীগাঁৱত পুৱতি নিশা চোৰৰ হাত চাফ