thumbnail

By

Published : Dec 10, 2022, 10:50 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

ETV Bharat / Videos

Gondwana society in Assam: গণ্ডৱানা কৃষ্টি-সংস্কৃতিৰে জীপাল কাবোলা পথাৰ

অসমৰ বৃহত্তৰ চাহ জনগোষ্ঠীৰ এটা অন্যতম অংশ হৈছে গণ্ডৱানা সমাজ(Gondwana society in Assam) । অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ দৰেই গণ্ডৱানা সমাজৰো আছে এক নিজস্ব সুকীয়া ৰীতি-নীতি, আচাৰ-পৰম্পৰা । শনিবাৰৰ টিংখাঙত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে গণ্ডৱানা সাহিত্য সভা অসম, গণ্ডৱানা ছাত্ৰ সন্থা অসম আৰু সদৌ অসম গণ্ডৱানা যুৱ পৰিষদৰ প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস । টিংখাঙৰ মাহমৰা কাবোলা গাঁৱৰ মুকলি পথাৰত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসৰ প্ৰথম দিনাৰ কাৰ্যসূচীত পতাকা উত্তোলন, শ্বহীদ তৰ্পনৰ লগতে গণ্ডৱানা সমাজৰ মাংগলিক কাৰ্যসূচী সম্পন্ন হয় । এই মাংগলিক কাৰ্যসূচীত গণ্ডৱানা পুৰোহিতসকল, গণ্ডৱানা সাহিত্য সভা, গণ্ডৱানা ছাত্ৰ সন্থা আৰু গণ্ডৱানা যুৱ পৰিষদৰ কেন্দ্ৰীয়, জিলা আৰু আঞ্চলিক পৰ্যায়ৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ।
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.