Rangali Bihu 2023: চিলাপথাৰত সাংস্কৃতিক অনুষ্ঠান উপভোগৰ নামত বোকা নৃত্য একাংশৰ - Concert by Asurjya Barpatra in Silapathar
🎬 Watch Now: Feature Video
জোনাই,৭ মে': সামৰণি পৰিল চিলাপথাৰত অনুষ্ঠিত চিলাপথাৰ কেন্দ্ৰীয় ব'হাগী উৎসৱৰ সোণালী জয়ন্তী সমাৰোহৰ(Golden Jubilee Celebrations of Bohagi Festival in Silapathar) । ২ মে'ৰ পৰা আৰম্ভ হোৱা সোণালী জয়ন্তী সমাৰোহত অন্তিম দিনা সংগীতানুষ্ঠান পৰিৱেশন কৰে জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই । অন্তিম দিনা আয়োজক সমিতিৰ সভাপতি তথা সাংসদ প্ৰদান বৰুৱা আৰু সম্পাদক তথা বিধায়ক ভূৱন পেগুৰ লগতে প্ৰথম শাৰীৰ দৰ্শক হিচাপে উপস্থিত থাকিল ৰাজ্য সভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকা প্ৰমুখ্যে ভালে কেইজন বিশিষ্ট ব্যক্তি(Concert by Asurjya Barpatra in Silapathar) ।
পিছে ইয়াৰ মাজতে দেখা গ'ল বোকা নৃত্য । একাংশ উদণ্ড যুৱকে কিনকিনিয়া বৰষুণৰ ফলত হোৱা বোকাত লুতুৰি পুতুৰি হৈ নৃত্য কৰা পৰিলক্ষিত হয় । একেই পৰিৱেশ দেখা গৈছিল শুকুৰবাৰেও । মঞ্চত জনপ্ৰিয় কণ্ঠশিল্পী জুবলী বৰুৱাই পৰিৱেশন কৰা গীতৰ তালে তালে একাংশ যুৱকে বোকাত নৃত্য কৰা পৰিলক্ষিত হৈছিল(Jubilee Baruah concert in Silapathar) ।
TAGGED:
Rangali Bihu 2023