Dibrugarh Road accident : ডিব্ৰুগড়ৰ বকপৰা বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনাত যুৱতীৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 1:23 PM IST

thumbnail

ডিব্ৰুগড়, 10 ছেপ্টেম্বৰ : ডিব্ৰুগড়ৰ বকপৰ বাইপাছত দেওবাৰে পুৱাই সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা । বকুল উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ বাইপাছত এই ঘটনা সংঘটিত হয় । পুৱাই সংঘটিত হোৱা এই পথ দুৰ্ঘটনাত এগৰাকী যুৱতীৰ থিতাতে মৃত্যু হয় । বাতৰি যুগুত কৰা পৰলৈকে চিনাক্ত হোৱা নাই যুৱতীগৰাকী পৰিচয় ।

ইফালে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে এজন যুৱকো ৷ অতি সংকটজনক অৱস্থাত আহত যুৱকজনক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় । এই ঘটনা সন্দৰ্ভত খবৰ লাভ কৰিয়েই উক্ত স্থানত উপস্থিত হয় আৰক্ষী আৰু আৰম্ভ কৰে ঘটনাৰ তদন্ত ৷

ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এখন ইন’ভা বাহন উদ্ধাৰ কৰিছে । কিন্তু এই দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’ল সেয়া বৰ্তমানো জানিব পৰা হোৱা নাই । অনুমান কৰা হৈছে যে কোনো তীব্ৰ বেগী বাহনে এই দুৰ্ঘটনাটো সংঘটিত কৰি উক্ত স্থানৰ পৰা পলায়ন কৰিছে । ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্তহে সকলো তথ্য পোহৰলৈ আহিব ৷

লগতে পঢ়ক : Accident news : পথ দুৰ্ঘটনাত গোৱালপাৰাত থিতাতে মৃত্যু হ’ল মেঘালয়ৰ 2 যুৱকৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.