ৰাজনীতিৰ পথাৰত প্ৰৱেশ নকৰাৰ অংগীকাৰ গীতাৱলী ৰাজকুমাৰীৰ - তিতাবৰ গীতাৱলী ৰাজকুমাৰী
🎬 Watch Now: Feature Video


Published : Dec 5, 2023, 8:51 PM IST
যোৰহাট, 5 ডিচেম্বৰ : ৰাজনীতিৰ পথাৰত প্ৰৱেশ নকৰাৰ অংগীকাৰ অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীৰ ৷ আহিবলগীয়া নতুন অসমীয়া ছবি "ৰাজনীতি"ত মোহময়ী অভিনেত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ চৰিত্ৰ ৰূপায়ন কৰাৰ প্ৰসংগত কোনোদিন ৰাজনীতিলৈ নাযায় বুলি মন্তব্য কৰে ৷
তিতাবৰৰ ত্ৰিবেণী সংগম কলা-কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত আৰু তিতাবৰবাসীৰ সহযোগত গড়আলি ৰে'ল গেটত দুদিনীয়াকৈ আয়োজন কৰা শ্ৰীকৃষ্ণৰ ৰাসলীলাত দৈৱকীৰ চৰিত্ৰত অভিনয় কৰে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে ৷ মোহময়ী অভিনেত্ৰীগৰাকীৰ অভিনয় চাবলৈ ৰাইজৰ সমাগম ব্যাপক হাৰত দেখিবলৈ পোৱা যায় ৷
দৈৱকীৰ চৰিত্ৰত অভিনয় কৰি মনৰ ভাৱ প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে ৷ তেওঁ কয় যে ৰাইজৰ বিপুল সমাগমে উৎসাহিত কৰি তোলে ৷ তেওঁ অভিনয় কৰা কেবাখনো অসমীয়া ছবি শীঘ্ৰেই ছবিগৃহলৈ আহিব বুলিও কয় গীতাৱলী ৰাজকুমাৰীয়ে ৷
লগতে পঢ়ক : মিজোৰাম বিধানসভালৈ নিৰ্বাচিত সৰ্বকনিষ্ঠ বিধায়ক বেৰীল ৱান্নেইছাংগি কোন ?