Gariya Mariya Desi Jatiya Parishad: পাঁচ খিলঞ্জীয়া মুছলমান গোষ্ঠীক অ’বিচিৰ মৰ্যাদা প্ৰদানৰ দাবী - Indigenous Muslims in Assam
🎬 Watch Now: Feature Video
বৰপেটা,১৯ মাৰ্চ: ৰাজ্যৰ গৰীয়া, মৰীয়া, দেশী, জলহা আৰু চৈয়দসকলক অন্যান্য পিচপৰা শ্ৰেণীৰ মৰ্যাদা প্ৰদানৰ দাবী ৷ এই দাবী তুলিলে সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদে ৷ সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদে শনিবাৰে বৰপেটাত এখন সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ ৫ টা জনগোষ্ঠীক অন্যান্য পিচপৰা শ্ৰেণীৰ মৰ্যাদা প্ৰদানৰ দাবী জনায় (Gariya Mariya Desi Jatiya Parishad) ৷
ৰাজ্যৰ গৰীয়া, মৰীয়া, দেশী, জলহা আৰু চৈয়দসকলে কোনো কাৰণতে সংখ্যালঘু সম্প্ৰদায় হিচাপে নিজৰ পৰিচয় নিবিচাৰে বুলি উল্লেখ কৰে সংবাদমেল ৷ নিজকে সংখ্যালঘু হিচাপে পৰিচয় দিবলৈ গৰীয়া মৰীয়াসকলে অপমানিত বোধ কৰা বুলিও মন্তব্য কৰে সংবাদমেলত ৷ সেয়ে সংখ্যালঘুৰ পৰিৱৰ্তে সুকীয়া জনগোষ্ঠীয় পৰিচয়েৰে OBC ৰ মৰ্যাদা দাবী গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ (Garia Mariya Desi Jatiya Parishad demands OBC status) ৷
ইফালে লোকসভা নিৰ্বাচনৰ পূৰ্বেই ৰাজ্যৰ গৰীয়া, মৰীয়া, দেশী, জলহা আৰু চৈয়দসকলক জৰীপ কৰিবলৈ দাবী জনায় সংগঠনটোৱে ৷ ৰাজ্যৰ গৰীয়া, মৰীয়া, দেশী, জলহা আৰু চৈয়দসকলৰ আৰ্থ-সামাজিক জৰীপৰ বাবে বাজেটত প্ৰায় ১ কোটি ৬২ লাখ টকা ধাৰ্য কৰাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনায় (Indigenous Muslims in Assam) ৷
লগতে পঢ়ক: Fire in Barpeta: বৰপেটাৰ মুছলিমপট্টিত ভয়ংকৰ অগ্নিকাণ্ড