Ganja seized at Raha: ৰহাত গাঞ্জাসহ এটা সৰবৰাহকাৰী আটক - Ganja seized at Raha
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-18029414-thumbnail-4x3-drugs.jpg)
ৰহা, 19 মাৰ্চ: ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ অভিযান চলি থকাৰ পিচতো গা লৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ নগাঁও জিলাত ড্ৰাগছৰ অবাধ সৰবৰাহৰ ঘটনা ব্যাপক হাৰত বৃদ্ধি পাবলৈ লোৱাৰ পিচতে ৰহা আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে কঠোৰ স্থিতি অব্যাহত ৰাখিছে । ইয়াৰ মাজতে দেওবাৰে পুৱা ৰহা আৰক্ষীয়ে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই ৰহাৰ দীঘলীআটিৰ পৰা গাঞ্জাসহ এটা সৰবৰাহকাৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Ganja seized at Raha) ৷
ধৃত গাঞ্জা সৰবৰাহকাৰীটো ৰূপান্তৰ বৰদলৈ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে (Pedller detained at Raha)৷ গাঞ্জা সৰবৰাহকাৰীটোৰ ঘৰ ৰহাৰ দুবৰিতলীত।
আৰক্ষীৰ অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি ৰহা অঞ্চলত গাঞ্জাৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল ধৃত গাঞ্জা সৰবৰাহকাৰীটোৱে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত সৰবৰাহকাৰীটোক জেৰা অব্যাহত ৰাখিছে । উল্লেখ্য, যে ৰহা আৰক্ষীয়ে অতি কম সময়ৰ ব্যৱধানত অঞ্চলটোৰ পৰা কেজিয়ে কেজিয়ে নিচাযুক্ত সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে ।
লগতে পঢ়ক: Youth died at Rehab center: নিচামুক্তি কেন্দ্ৰত অক্ষয়ৰ ৰহস্যজনক মৃত্যু