thumbnail

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 4:57 PM IST

ETV Bharat / Videos

Ganesh Chaturthi 2023: গণেশ চতুৰ্থী উপলক্ষে বিঘ্নহৰ্তা বিনায়কৰ বন্দনাৰে মুখৰিত মহানগৰীৰ মন্দিৰসমূহ

গুৱাহাটী,১৯ ছেপ্টেম্বৰ: আজি গণেশ চতুৰ্থী । সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি উলহ-মালহেৰে পালন কৰা হৈছে গণেশ চতুৰ্থী । সিদ্ধিবিনায়কৰ বন্দনাৰে মুখৰিত হৈছে ৰাজ্যৰ আকাশ-বতাহ । পুৱাৰে পৰা গণেশ মন্দিৰতসমূহত ভক্তৰ লানি নিছিগা সোঁত বৈছে । ইয়াৰ ব্যতিক্ৰম নহয় গুৱাহাটীৰ গণেশ মন্দিৰসমূহৰ লগতে অস্থায়ী পূজা মণ্ডপসমূহতো । গুৱাহাটীৰ লতাশিল গণেশ মন্দিৰ , গণেশগুৰি গণেশ মন্দিৰ, খানাপাৰা গণেশ মন্দিৰ , ন-মাইল গণেশ মন্দিৰ, ফটাশিল নিউ কলনীকে ধৰি অস্থায়ী গণেশ মন্দিৰসমূহত পূজাৰ আয়োজন কৰা হৈছে ।  

পুৱাৰ পৰা ভক্তৰ লানি নিছিগা সোঁত বৈছে মন্দিৰসমূহলৈ । হাজাৰ হাজৰ ভক্তৰ সমাগমেৰে বিৰাজ কৰিছে এক আধ্যাত্মিক পৰিৱেশে । কিনকিনিয়া বৰষুণকো নেওচি মন্দিৰত ভক্তৰ সমাগম হৈছে । তাৰ ব্যতিক্ৰম নহয় লতাশিল গণেশ মন্দিৰ ৷ লতাশিল গণেশ মন্দিৰতো পুৱা ৭ বজাত মন্দিৰ দুৱাৰ ভক্তৰ বাবে খুলি দিয়াৰ পিছৰে পৰা লানি নিছিগা সোঁত বৈছে মন্দিৰভাগলৈ । আজিৰ দিনটোত ১০ হাজাৰতকৈ অধিক ভক্তৰ সমাগম হব বুলি আশা প্ৰকাশ কৰিছে মন্দিৰ কৰ্তৃপক্ষই।

লগতে পঢ়ক: Road Mishap: পথ দুৰ্ঘটনা, শিশুসহ সাতজনৰ অৱস্থা সংকটজনক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.