Freedom fighter Purnananda Tamuli: মুক্তিযোদ্ধা পূৰ্ণানন্দ তামুলীৰ বিয়োগ - Freedom fighter of Sivsagar Purnananda Tamuli
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17250666-181-17250666-1671449140229.jpg)
শিৱসাগৰ জিলাৰ আমগুৰিৰ বৰাহীবাৰী মাউৎ গাঁৱৰ মুক্তিযোদ্ধা পূৰ্ণানন্দ তামুলীৰ সোমবাৰে বিয়োগ ঘটে (Freedom fighter Purnananda Tamuli dies)। ৯৭ বছৰ বয়সত নিজা বাসগৃহতে মৃত্যু হয় মুক্তিযোদ্ধাগৰাকীৰ । ৰাজ্যিক মৰ্যদাৰে মুক্তিযোদ্ধাগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয় । ইফালে শেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বহুকেইটা দল-সংগঠন,অনুষ্ঠান-প্ৰতিষ্ঠানে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে (Last tribute to Freedom fighter Purnananda Tamuli)। মাউৎ গাঁৱৰ খেলপথাৰত জিলা প্ৰশাসনৰ উদ্যোগত ৰাজ্যিক মৰ্যদাৰে শেষ কৃত সম্পন্ন কৰা হয় মুক্তিযোদ্ধাগৰাকীৰ । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শিৱসাগৰ জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, আমগুৰি ৰাজহ চক্ৰ বিষয়া, নাজিৰা মহকুমা আৰক্ষী বিষয়াৰ লগতে আমগুৰি, নামতি আৰু হালোৱাটিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকল উপস্থিত থাকে । ইফালে মুক্তিযোদ্ধা তথা সমাজকৰ্মীগৰাকীৰ মৃত্যুত জিলাখনত গভীৰ শোকৰ ছাঁ পৰিছে ।
Last Updated : Feb 3, 2023, 8:36 PM IST