মাণিকপুৰত বিনামূলীয়া চকু চিকিৎসা শিবিৰ - দুতুৰী প্ৰাথমিক বিদ্যালয়

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 7:14 PM IST

মাণিকপুৰ, ১০ ডিচেম্বৰ: বঙাইগাঁও জিলাৰ বেচৰকাৰী সংস্থা আস্থাৰ উদ্যোগত আৰু ই আৰ চি কেয়াৰৰ সহযোগত দেওবাৰে দুতুৰী প্ৰাথমিক বিদ্যালয়ত বিনামূলীয়া চকু চিকিৎসা শিৱিৰ অনুষ্ঠিত হয় । এই বিনামূলীয়া চকু চিকিৎসা শিৱিৰত শতাধিক ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰে ।  

উল্লেখ্য় যে এই বেচৰকাৰী সংস্থাটোৱে দৰিদ্ৰ ৰাইজৰ মাজত দমকল বিতৰণ, চাফাই অভিযানৰ লগতে শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদানৰ বাবে ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহায্য প্ৰদান কৰি আহিছে । সংস্থাটোৰ নেতৃত্ব প্ৰদান কৰা সমাজকৰ্মী নুৰুল ইছলাম আৰু যুৱক ফাতেহ আলীৰ নেতৃত্বত বেচৰকাৰী সংস্থাটোৱে এবছৰৰ ভিতৰতে বিভিন্ন সেৱা আৰু উন্নয়নমূলক কামেৰে ৰাইজৰ মাজত চৰ্চা লাভ কৰিছে । আয়োজকসকলে এই প্ৰসংগত কয় যে ৰাইজৰ সহযোগ পালে ভৱিষ্য়তেও এনেধৰণৰ চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হ'ব ।

লগতে পঢ়ক: মণিপুৰত মহিলাক অপহৰণ কৰি হত্যা সন্দৰ্ভত চিবিআইৰ অভিযোগনামা দাখিল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.