Thieves Arrested In Jorhat: যোৰহাটৰ বিভিন্ন প্ৰান্তত চোৰৰ চাফাই অভিযান - চোৰৰ চাফাই অভিযান
🎬 Watch Now: Feature Video
যোৰহাট, 18 মে’: বুধবাৰে নিশাৰ ভাগত যোৰহাট নগৰৰ বিভিন্ন প্ৰান্তত চলিল চোৰৰ চাফাই অভিযান ৷ কিন্তু 24 ঘণ্টাৰ ভিতৰতে অতি তৎপৰতাৰে যোৰহাট আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় চাৰিটাকৈ চোৰ (Thieves Arrested In Jorhat) ৷
বুধবাৰে নিশা যোৰহাটৰ মালৌ আলিত অৱস্থিত আৰ কি ষ্টুডিঅ'ৰ পৰা চুৰি হৈছিল কেমেৰাসহ প্ৰায় কেইবালাখ টকাৰ ইলেকট্ৰনিক সা-সামগ্ৰী ৷ ষ্টুডিঅ'ৰ গৰাকীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই নিশাই চুৰি হোৱা সামগ্ৰীসহ আটক কৰিবলৈ সক্ষম হয় এটা চোৰ (Four Thieves Arrested In Jorhat) ৷
আনহাতে যোৰহাটৰ আন কেইবাঠাইতো চুৰি হোৱাৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে একে নিশাই আটক কৰিবলৈ সক্ষম হয় আন তিনিটা চোৰ ৷ আটকাধীন চোৰ কেইটাৰ পৰা আৰক্ষীয়ে কেমেৰাসহ চুৰি হোৱা বিভিন্ন সামগ্ৰী আৰু এখন স্কুটি জব্দ কৰিবলৈ সক্ষম হয় (Theft at Jorhat) ৷
ইয়াৰে কৌশিক মজুমদাৰ নামৰ চোৰটোক যোৰহাট কৃষ্ণ নগৰ সৰ্বাই বন্ধাৰ পৰা , অংকুৰ দাস আৰু ৰিতুপৰ্ন দাসক বৰিগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে যোৰহাট আৰক্ষীয়ে ৷ লগতে ৰাজু দাস নামৰ আন এটা বাইক চোৰক টীয়ক উত্তৰ দুলিয়া গাঁৱৰ পৰা আটক কৰে আৰক্ষীয়ে ৷
লগতে পঢ়ক: Lat Mandal arrested: ৪ হাজাৰ টকাৰ ঘোচ লৈ হাত দাঙিলে লাট মণ্ডলে