SCERT scam of Assam:মুকলি আকাশৰ তললৈ SCERT কেলেংকাৰীৰ চাৰি অভিযুক্ত - লক্ষ্মীনাৰায়ণ সোণোৱাল

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 9:38 PM IST

গুৱাহাটী, ২৯ আগষ্ট : জামিন লাভ কৰিলে SCERT কেলেংকাৰীৰ গোচৰত অভিযুক্ত চাৰিজনে । মঙলবাৰে মুকলি আকাশৰ তললৈ আহিল অনুপ শইকীয়া, বিদ্যুৎ কলিতা আৰু বেনিং দলে । লগতে অন্তৱৰ্তীকালীন জামিনত কাৰাগাৰৰ পৰা মুক্তি পালে লক্ষ্মীনাৰায়ণ সোণোৱালে ।

মুকলি আকাশৰ তললৈ আহি সংবাদ মাধ্যমৰ আগত অনুপ শইকীয়াৰ মন্তব্য, ‘মুঠ ২০ হাজাৰ এশ ৮৪ ঘণ্টা কাৰাগাৰত আৱদ্ধ হৈ আছিলো । তদন্ত প্ৰক্ৰিয়া চলি থকা সময়ত মই বিশেষ মন্তব্য দিব নোৱাৰিম । সৰিয়হৰ ডুলীত যে ভূত আছে সেই কথা স্পষ্ট । মুখ্যমন্ত্ৰীয়ে স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে তদন্ত কৰক । বহু ৰৌ বৰালি জালত পৰিব । CM ভিজিলেঞ্চত যদি আপোনালোকে তদন্ত কৰে তেন্তে গম পাব অনুপ শইকীয়াৰ নামত SCERT ত শেৱালী দেৱীৰ বিৰুদ্ধে কিবা RTI আছে নেকি । যদি আছে RTI কপিখন ৰাজহুৱা কৰক । তেতিয়া স্পষ্ট হ’ব অনুপ শইকীয়া RTI কৰ্মী হয় নে নহয় । ৰাজহুৱাভাৱে আৰক্ষীয়ে মন্তব্য দিছে নেকি শেৱালী দেৱীয়ে মোৰ নাম লোৱাৰ কথা । মোক কোনো জাননী দিয়া হোৱা নাছিল । মই নিজেই আহি ধৰা দিছোঁ’ ।

লগতে পঢ়ক : SCERT scam: দীঘল হোৱাৰ সম্ভাৱনা কেলেংকাৰীত জড়িত লোকৰ নামৰ তালিকা

                    IAS Sewali Devi Case: শাহু আৰু জোঁৱাইৰ 105 কোটি টকীয়া কেলেংকাৰী; আদালতত শেৱালি দেৱীসহ তিনি অভিযুক্ত

                    Assam SCERT Scam: ১০৫ কোটি টকীয়া SCERT কেলেংকাৰীৰ অভিযোগনামা দাখিল মুখ্যমন্ত্ৰী বিশেষ নিৰীক্ষণ কোষৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.