Bornadi Wildlife Sanctuary : বন ধ্বংস কৰি হাগ্ৰামাৰ পাতিলে চাহ বাগিচা: ৰঞ্জিত বসুমতাৰী - বন ধ্বংস

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 10:44 PM IST

ওদালগুৰি, 8 নৱেম্বৰ : "হাগ্ৰামাই বিটিচিত পাহাৰ কাটি 150 বিঘা চাহ বাগিচা বনাইছে ৷ নিজে বন ধ্বংস কৰি আনকো উচটনি দিয়ে ৷ বন ধ্বংস কৰা হাগ্ৰামা বাহিনীৰ বিৰুদ্ধে শীঘ্ৰেই আইনী ব্যৱস্থা ল'ব বিটিআৰ চৰকাৰে ৷" বুধবাৰে ওদালগুৰিৰ বৰনদী অভয়াৰণ্যত উপস্থিত হৈ এই মন্তব্য কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে ৷  

উল্লেখ্য যে দিনক দিনে বৃদ্ধি পোৱা হাতী মানুহৰ সংঘাতৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰ আৰু বিটিআৰ চৰকাৰে ন-ন পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷ তাৰে অংশ স্বৰূপে বুধবাৰে ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তত অৱস্থিত বৰনদী অভয়াৰণ্যত প্ৰায় 1 কোটি 4 লাখ টকা ব্যয়ৰে 4.5 কিঃমি দৈৰ্ঘ্যৰ ফেঞ্চিং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয় ৷  

আধৰশিলা স্থাপন কৰি ৰঞ্জিত বসুমতাৰীয়ে কয় "এই ফেঞ্চিঙে হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে যথেষ্ট নহয় যদিও কিছু সকাহ পাব দিব ৷ কিন্তু তাৰ বাবে ৰাইজ সচেতন হ’ব লাগিব ৷" ইফালে বিটিআৰ অঞ্চলত হাতী-মানুহৰ সংঘাতৰ কাৰণ একমাত্ৰ মানুহেই বুলি কয় তেওঁ ৷ লগতে হাগ্ৰামা মহিলাৰী চৰকাৰৰ দিনত বৃহৎ ৰূপত বনাঞ্চল ধ্বংসৰ বাবে এই সমস্যাৰ উদ্ভৱ হৈছে বুলি কয় তেওঁ ৷ 

প্ৰাক্তন বিটিআৰ প্ৰধান হাগ্ৰামা মহিলাৰীক তীব্ৰ সমালোচনা কৰাৰ লগতে তেখেতৰ বিৰুদ্ধে আইনী ব্যৱস্থা লব বুলিও কয় ইএম গৰাকীয়ে ৷ কাৰ্যসূচীত বিটিআৰ কাৰ্যবাহী সদস্য দাউৱাইছা বড়োৰ লগতে জিলা বন বিষয়া আৰু বহুলোক উপস্থিত থাকে ৷ 

লগতে পঢ়ক : A story of Hatibadhu: হাতী-মানুহৰ সংঘাত ৰুধিবলৈ পাহাৰৰ দাঁতিত ঘাঁহ আৰু ধানখেতি হাতীবন্ধুৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.