Food poisoning in Darrang:সত্যনাৰায়ণ পূজাৰ প্ৰসাদত বিষক্ৰিয়া

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 7:20 PM IST

thumbnail

দৰং, 31 আগষ্ট : প্ৰসাদত বিষক্ৰিয়া ৷ হাস্পতালত ভৰ্তি হৈ আছে প্ৰায় ১৫/২০ জনতকৈ অধিক লোক ৷ সত্যনাৰায়ণ পূজাৰ প্ৰসাদ খাই হয় এই বিষক্ৰিয়া ৷ দৰং জিলাৰ মঙলদৈ বিধান সভা সমষ্টিৰ জলজলী কুমাৰপাৰা গাঁৱৰ নিবাসী পৱিত্ৰ কুমাৰ নামৰ এজন ব্যক্তিৰ ঘৰত যোৱাটো মঙলবাৰে আয়োজন কৰা হৈছিল সত্যনাৰায়ণ পূজাৰ ৷ প্ৰায় পঞ্চাশজন মান ব্যক্তিক এই পূজালৈ আমন্ত্ৰণ জনোৱা হৈছিল ৷

প্ৰসাদ খাই ইয়াৰে মাজত প্ৰায় ১৫-২০ জন লোক হাস্পতালত ভৰ্তি হয় ৷ উক্ত নিমন্ত্ৰণত মাহ-প্ৰসাদত বিষক্ৰিয়া হয় বুলি ভুক্তভোগীয়ে জানিবলৈ দিছে  ৷ নাৰায়ণ পূজাৰ প্ৰসাদ খোৱাৰ কিছু সময়ৰ পিচতে অসুস্থ হৈ পৰে তেওঁলোক ৷ বৃহস্পতিবাৰে ৰাতিপুৱা বমি হোৱাৰ পিচত জলজলী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় তেওঁলোকক  ৷ বিশেষকৈ ১৮ বছৰৰ তলৰ বেছি সংখ্যক শিশু অসুস্থ হৈ পৰে । বৰ্তমান সকলো চিকিৎসাধীন অৱস্থাত আছে ।

লগতে পঢ়ক : Food poisoning in Jorhat: মৰিয়নিত প্ৰসাদ খাই অসুস্থ ডেৰ শতাধিক লোক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.