Food poisoning in Bordumsa:বৰডুমচা অঞ্চলত নামঘৰৰ প্ৰসাদত বিষক্ৰিয়া হৈ অসুস্থ শতাধিক

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 9:38 PM IST

তিনিচুকীয়া, ৬ ছেপ্টেম্বৰ : ২ ছেপ্টেম্বৰত অসম-অৰুণাচলৰ সীমান্তৰ অঞ্চল বৰডুমচাত নামঘৰত প্ৰসাদ খাই হঠাতে অসুস্থ হৈ পৰে অঞ্চলটোৰ প্ৰায় ১০০ গৰাকীতকৈ অধিক লোক । ইয়াৰ ভিতৰত পুৰুষ, মহিলাৰ লগতে বহু শিশুও আছে ৷ পৰৱৰ্তী সময়ত আটাইকেইগৰাকী লোকক তিনিচুকীয়া অসামৰিক চিকিৎসালয় আৰু ডিব্ৰুগড় AMCH ত ভৰ্তি কৰোৱা হয় ।

অসুস্থ হোৱা লোকসকলৰ ভিতৰত প্ৰায় ৭০ গৰাকী লোক ইতিমধ্যে সুস্থ হৈ উঠে । কিন্তু তাৰে ভিতৰত প্ৰায় ৩২ গৰাকী লোক এতিয়াও গুৰুতৰভাৱে অসুস্থ হৈ তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।

অন্যহাতে প্ৰায় ৫ গৰাকী ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে । স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি ইতিমধ্যে মঙলবাৰে উক্ত অঞ্চলটোত অতিৰিক্ত উপায়ুক্ত, আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে চিকিৎসাৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰি আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক : Food poisoning in Darrang:সত্যনাৰায়ণ পূজাৰ প্ৰসাদত বিষক্ৰিয়া

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.