thumbnail

By

Published : Jul 26, 2023, 11:07 AM IST

ETV Bharat / Videos

Assam Police PT: পুৱাই পেট কমোৱাৰ আখৰাত ব্যস্ত মাজুলী আৰক্ষী

মাজুলী, 26 জুলাই : অসম আৰক্ষীৰ পৰা বিদায় দিয়া হ’ব মেদবহুল আৰক্ষীক ৷ মাত্ৰ কেইটা মান দিনৰ পাচতে হ’ব BMI ৰেকৰ্ডিং, যেন আগত এক অগ্নিপৰীক্ষা ৷ মাজুলীত পুৱাই দেখা গ’ল জিলাখনৰ আৰক্ষীসকলক এনেদৰে ব্যায়াম কৰা ৷

মেদবহুল আৰক্ষীৰ ক্ষেত্ৰত ডিজিপি জি পি সিঙে দিয়া কঠোৰ নিৰ্দেশৰ পিচত এতিয়া সকলোৱে জোৰদাৰ কচৰৎ আৰম্ভ কৰিছে ৷ ১৫ আগষ্ট যিমানেই ওচৰ চাপি আহিছে সিমানেই চিন্তা বাঢ়িছে মেদবহুল আৰক্ষীৰ ৷ যাৰ পৰিণতিত জিলাই জিলাই পুৱাই আৰক্ষীৰ একাংশ লোক কঠোৰ অনুশীলনত অৱতীৰ্ণ হৈছে ৷

মাজুলীত পুৱাই জিলাখনৰ আৰক্ষীসকলক এনেদৰে শাৰীৰিক ব্যায়াম কৰা দেখা গ’ল । আৰক্ষীসকলৰ বাবে যেন আগত এতিয়া অগ্নিপৰীক্ষা কিয়নো অসম আৰক্ষীৰ পৰা বিদায় দিয়া হ’ব মেদবহুল আৰক্ষীক । এই কঠোৰ নিৰ্দেশ অহাৰ পৰা অসম আৰক্ষীয়ে নিজৰ স্বাস্থ্য সুস্থ সবল কৰি ৰাখিবলৈ পুৱাৰ ভাগত এনেদৰে কঠোৰ অনুশীলন কৰা দেখিবলৈ পোৱা গৈছে । সকলোৰে আজিৰ তাৰিখত এটাই চিন্তা কেনেকৈ নিজকে সুস্থ সৱল কৰি ৰাখিব পাৰি ।

লগতে পঢ়ক : 10th All Assam Bhaona Samaroh : 19 জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব দশম সদৌ অসম ভাওনা সমাৰোহ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.