Flood in Dibrugarh: বানৰ কবলত ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি দধিয়া-লাইকাৰ বিস্তীৰ্ণ অঞ্চল

By

Published : Jun 18, 2023, 4:17 PM IST

thumbnail

ডিব্ৰুগড়, 18 জুন: নেৰানেপেৰা বৰষুণৰ বাবে ফেনে-ফুটুকাৰে ওফন্দি উঠিছে ব্ৰহ্মপুত্ৰ, চিয়াং নদী ৷ যোৱা চাৰি-পাঁচদিন হৈ থকা বৰষুণৰ বাবে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত ডিব্ৰুগড়ৰ দধিয়া-লাইকা আৰু ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বাঢ়নী পানীয়ে বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হৈছে ৷

জানিব পৰা মতে, ৰাষ্ট্ৰীয় উদ্যানখনলৈ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী সোমাই বুৰাই পেলাইছে কিছু অংশ ৷ ফলত জীৱ-জন্তুৰ বাবে সৃ্ষ্টি হৈছে খাদ্য সংকট ৷ বানপানীৰ ফলত বিশুদ্ধ খোৱাপানীৰ অভাৱত ভুগিছে দধিয়া-লাইকাবাসী ৷ দধিয়া-লাইকাৰ চাংঘৰৰ চাং পৰ্যন্ত বাঢ়নী পানী উঠি অহাত দমকল সমূহ পানীৰ তলত, সেয়ে খোৱাপানীৰ সমস্যাই দেখা দিছে ৰাইজৰ মাজত ৷  

জীৱ-জন্তু, হাঁহ-কুকুৰাৰ বাবে উপযুক্ত ওখ ঠাইৰ অভাৱত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷ বানপানীৰ ফলত দধিয়া-লাইকা অঞ্চলৰ বিদ্যালয় সমূহৰ পাঠাদানো বন্ধ হৈ আছে ৷ লগতে ব্ৰহ্মপুত্ৰৰ পানীৰ প্ৰবল সোঁতৰ বাবে যাতায়ত ব্যৱস্থা সম্পূৰ্ণ ৰূপে ব্যাহত হৈছে দধিয়া-লাইকাত ৷ শনিবাৰৰ দিনটোত ফেৰীৰ সহায়ত জিলা প্ৰশাসনে খাদ্য সামগ্ৰী যোগান ধৰিছে বানপীড়িত ৰাইজক ৷ বৰষুণৰ পৰিমাণ নকমিলে এক ভয়াৱহ পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে অঞ্চলটোত ৷

লগতে পঢ়ক: Large crack in Bharalu guard wall: ভৰলুৰ গাৰ্ডৱালত বৃহৎ ফাট: শংকিত অনিল নগৰবাসী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.