পদুলিত হেঁপাহৰ ভোগালী, ওদালগুৰিত মাছৰ উজান - Bhogali Bihu 2024
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11-01-2024/640-480-20483796-thumbnail-16x9-bhjdkq.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jan 11, 2024, 4:15 PM IST
ওদালগুৰি, 11 জানুৱাৰী : ভোগৰ ভোগালীক আদৰিবলৈ এতিয়া প্ৰতিগৰাকী অসমীয়াৰ মনত ব্যাপক উৎসাহ । ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন ৷ বৃহস্পতিবাৰে অবিভক্ত দৰং জিলাৰ বালিপোতাৰ সূৰীপুখুৰীত প্ৰতিবছৰৰ দৰে মাছ ধৰা পৰ্ব পৰিলক্ষিত কৰা হৈছে । সূৰীপুখুৰি মীন মহল সমিতিয়ে এইবেলি প্ৰায় 50 কুইণ্টলতকৈ অধিক মাছ উৰুকাৰ বজাৰলৈ উলিয়াই দিয়াৰ প্ৰয়াস কৰিছে । 222 ঘৰ অংশীদাৰ হিচাপে থকা মীন মহলৰ প্ৰতিটো পৰিয়ালকে উৰুকাৰ নিশা 3 কিলোকৈ মাছৰ যোগান ধৰি কমিটিখনে ৷ মাছৰ প্ৰতি কিলোত মূল্য হ’ব 150 টকা ৷
ইফালে কমিটিৰ সদস্যসকলে জনোৱা অনুসৰি, মাছৰ পৰা প্ৰতিবছৰে প্ৰায় 8 ৰ পৰা 10 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয় মীন মহল কমিটিখনে ৷ উপাৰ্জন কৰা এই ধনখিনি অঞ্চলটোৰ বিভিন্ন উন্নয়নমূলক কামত ব্যৱহাৰ কৰে বুলি জানিবলৈ দিয়ে কমিটিৰ সদস্যসকলে ৷ এই মাছ মঙলদৈ গুৱাহাটী আদি বিভিন্ন বজাৰলৈ ৰপ্তানি কৰা হ’ব ৷
লগতে পঢ়ক: ভোগালী বিহু: এঠা দৈ দেখিয়ে জিভাৰ পানী পৰিব আপোনাৰ