thumbnail

By

Published : Dec 1, 2022, 9:49 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

ETV Bharat / Videos

Fire in Tezpur : তেজপুৰৰ লাচিত চ’কত ভয়ংকৰ অগ্নিকাণ্ড

তেজপুৰৰ লাচিত চ’কত অঘটন ৷ তেজপুৰৰ লাচিত চ’কত আজি সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা (Fire in Tezpur) । এটা চাৰি মহলীয়া অট্টালিকাৰ দ্বিতীয় মহলাত সংঘটিত হয় এই অগ্নিকাণ্ড (Fire breaks out in Tezpur) ৷ ৰন্ধন গেছৰ পৰা জুইৰ সুত্ৰপাত হোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷ ইফালে ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় অগ্নি নিৰ্বাপক বাহিনীৰ লোকক ৷ খবৰ পোৱা মাত্ৰে ঘটনাস্থলীত তিনিখন অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ নিৰ্বাপিত কৰে জুই ৷ কথমপি ৰক্ষা পৰে অট্টালিকাটোত থকা কেইবাটাও পৰিয়াল । জানিব পৰা মতে, তেজপুৰ সদৰ থানাৰ অন্তৰ্গত এই অট্টালিকাটোত অগ্নিকাণ্ডৰ সময়ত আবাসীসকল নিজৰ নিজৰ ফ্লেটত আছিল ।
Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.