Fire in Bamunimaidam: বামুনীমৈদামৰ ডাম্পিং গ্ৰাউণ্ডত অগ্নিকাণ্ড

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 5:30 PM IST

thumbnail

গুৱাহাটী,২ নৱেম্বৰ: মহানগৰীৰ বামুনীমৈদামৰ আকাশী নগৰত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড । এটা ডাম্পিং গ্ৰাউণ্ডত মাজনিশা হঠাৎ জুইৰ সূত্ৰপাত হোৱাত ঘন জনবসতি পূৰ্ণ অঞ্চলটোত হাহাকাৰ লাগে । প্ৰথম অৱস্থাত ঘটনাস্থলীত দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰিও বৃহস্পতিবাৰে পুৱালৈকে জুই নিৰ্বাপন কৰাত ব্যৰ্থ হয় ।  

বৃহস্পতিবাৰে দিনৰ ভাগত অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ী উপস্থিত হৈ এই জুই নুমুৱাবলৈ সক্ষম হয় । আনহাতে এই অগ্নিকাণ্ডত অগ্নিনিৰ্বাপক বাহিনীৰ দুজনকৈ ব্যক্তি সামান্য পৰিমাণে আঘাত প্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে । এই অগ্নিকাণ্ডৰ ঘটনাত কেইবালাখ টকাৰ সা-সম্পত্তি নষ্ট হোৱাৰ কথা উল্লেখ কৰে স্থানীয় ৰাইজে । কোনো দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে অঞ্চলবাসীয়ে ।  

লগতে পঢ়ক: Loksabha election 2024: ডিব্ৰুগড়ত অসন্তুষ্ট চাহ শ্ৰমিকৰ বাবে বিপদত পৰিব নেকি কেন্দ্ৰীয় মন্ত্ৰী তেলী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.