Fire breaks out in NHPC: NHPCত পুনৰ অঘটন
🎬 Watch Now: Feature Video
ধেমাজি,1 জুলাই: নামনি সোৱণশিৰিৰ জলবিদ্যুত প্ৰকল্প নিৰ্মাণস্থলীত পুনৰ অঘটন ৷ NHPCৰ পাৱাৰ হাউচ ইউনিটত চিলিণ্ডাৰ বিস্ফোৰণৰ ঘটনা ৷ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত আতংকৰ সৃষ্টি হয় শ্ৰমিকৰ মাজত ৷ জানিব পৰা মতে শ্ৰমিকে ৰ’ড কাটি থকা অৱস্থাত এই ঘটনা সংঘটিত হয় ৷ অৱশেষত অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷
প্ৰকৃততে কি কাৰণে চিলিণ্ডাৰ বিস্ফোৰণ হ’ল সেয়া তদন্তত পোহৰলৈ আহিব ৷ জানিব পৰা মতে NHPCয়ে পাৱাৰ হাউচত ৱেলডিং কৰোতে গেছ ব্যৱহাৰ নকৰে ৷ তেনে ক্ষেত্ৰত কেনেকৈ বিস্ফোৰণ হ’ল সেয়া ৰহস্যৰ আবৰ্তত ৷
উল্লেখ্য যে ইতিমধ্যে 90শতাংশ কাম সম্পূৰ্ণ হোৱা NHPCয়ে 2024ৰ শেষৰ ফালে বিদ্যুত উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৷ তেনে সময়তে NHPCত সঘনাই এটাৰ পিছত আনটো ঘটনা সংঘটিত হৈ থকাক লৈ উদ্বিগ্ন হৈ পৰিছে নামনিবাসী ৰাইজ ৷
লগতে পঢ়ক:NHPC big dam: বিতৰ্কিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ কংক্ৰিটৰ কাম সম্পূৰ্ণ