Foundation Day of AGP: বৰপেটাত অগপৰ প্ৰতিষ্ঠা দিৱসত শ্বহীদ পৰিয়ালক সম্বৰ্ধনা
🎬 Watch Now: Feature Video
Published : Oct 14, 2023, 3:11 PM IST
বৰপেটা,১৪ অক্টোবৰ: অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামৰ পটভূমিত আঞ্চলিকতাবাদ প্ৰতিষ্ঠাৰ আদৰ্শৰে ১৯৮৫ৰ ১৪ অক্টোবৰত গোলাঘাট চহৰত জন্ম হৈছিল সংগ্ৰামী ৰাজনৈতিক দল অসম গণ পৰিষদৰ ৷ অসমীয়া ৰাইজৰ অধিকাৰ প্ৰতিষ্ঠাৰ উদ্দেশ্য়ৰে গঠন হোৱা অসম গণ পৰিষদ দলৰ আজি ৩৯ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ শত শ্বহীদৰ তেজ আৰু সহস্ৰাধিক সংগ্ৰামী অসমীয়াৰ ত্যাগৰ ফলত জন্ম হোৱা অসম গণ পৰিষদৰ প্ৰতিষ্ঠা দিৱস আজি ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিৰ লগতে বৰপেটাতো পালন কৰা হয় ৷
বৰপেটাৰ তৰুণৰাম ফুকন প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত বৰপেটাৰ শ্বহীদ পৰিয়ালসমুহক সম্বৰ্ধনা জনোৱা হয় ৷ আনহাতে প্ৰতিষ্ঠাকালৰে পৰা দলৰ প্ৰতি সেৱা আগবঢ়োৱা একাংশ জ্যেষ্ঠ দলীয় নেতা-কৰ্মীৰ লগতে কেবাগৰাকীও শিল্পী আৰু ছবি পৰিচালক নিৰ্মল দাসক সম্বৰ্ধনা জনোৱা হয় ৷ দলীয় পতাকা উত্তোলন শ্বহীদ তৰ্পণ, সতীৰ্থ সোঁৱৰণ আদি কাৰ্যসূচীৰে আৰম্ভ হোৱা প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত দলটোৰ উপ-সভাপতি তথা প্ৰাক্তন বিধায়ক ডাঃ তাৰাপ্ৰসাদ দাস, প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাস আদি নেতাসকলৰ লগতে বহুসংখ্যক দলীয় নেতা কৰ্মী, সমৰ্থক উপস্থিত থাকে ৷
লগতে পঢ়ক: Assam Govt distribute Bicycles:মাজুলীৰ শিক্ষাৰ্থীক চাইকেল বিতৰণ