Felicitation program : ধেমাজিত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা - ড৹ ভীমৰাও আম্বেদকাৰ
🎬 Watch Now: Feature Video
ধেমাজি, 24 জুন : ধেমাজি জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত শনিবাৰে ধেমাজি মহাবিদ্যালৰ শিশু উৎকৰ্ষ সাধন কেন্দ্ৰৰ প্ৰেক্ষাগৃহত জিলাখনৰ অনুসূচীত জাতিৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনায় ৷ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ২০২৩ বৰ্ষত প্ৰথম স্থান পোৱা কৃতী ছাত্ৰ-ছাত্ৰীসকলক অনুষ্ঠানত এখন মানপত্ৰ আৰু গামোচাৰে আদৰণি জনোৱা হয় ৷
এই কাৰ্যসূচী মৰ্মে প্ৰথমে ড৹ ভীমৰাও আম্বেদকাৰ আৰু ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে ৷ মাল্যপৰ্ণ আৰু বন্তি প্ৰজ্বলন কৰে ক্ৰমে ধেমাজি জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উপদেষ্টা শান্তিৰাম দাস আৰু সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য অনন্ত দাস আৰু ধেমাজি পৌৰ সভাৰ ৱাৰ্ড সদস্য নিবেদিতা দাসে ৷
ইয়াৰ পিচতেই জাতীয় সংগীত পৰিৱেশন কৰি আৰু সদৌ ধেমাজি জিলা অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সভাপতি চন্দন দাসৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত কৰা হয় ৷ সম্বৰ্ধনা অনুষ্ঠানৰ আদৰণি ভাষণ জনাই বনমালী কাকতিয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ৷ ভাষণত শিক্ষাৰ সমান্তৰালভাৱে সামাজিকভাৱে দায়বদ্ধ হৈ সমাজৰ একোজন সু-নাগৰিক হ’বলৈ শিক্ষাৰ্থীসকলক আহ্বান জনায় ৷ এই অনুষ্ঠানত সংগঠনটোৰ কেইবাগৰাকী নেতা কৰ্মী, আৰু গণ্য-মান্য লোক উপস্থিত থাকে ৷
লগতে পঢ়ক: Gramya Jeuti Awards 2023 : লখিমপুৰৰ আৰক্ষী কৰ্মী বসন্ত শইকীয়াক গ্ৰাম্য জেউতি বঁটা প্ৰদান