thumbnail

Gunotsav 2023 : দেৰগাঁৱত গুণোৎসৱত সফলতা প্ৰদৰ্শন কৰা বিদ্যালয়ৰ মুৰব্বীক সম্বৰ্ধনা

By

Published : May 18, 2023, 1:54 PM IST

যোৰহাট, ১৮ মে' : এইবাৰৰ গুণোৎসৱত সফলতাৰ শিখৰত দেৰগাঁৱৰ বিভিন্ন শিক্ষানুষ্ঠান (Assam govt Gunotsav) । দেৰগাঁৱৰ বিভিন্ন শিক্ষানুষ্ঠানে শিক্ষা বিভাগৰ দ্বাৰা মূল্যায়ন কৰা শৈক্ষিক মূল্যায়ন তথা গুণোৎসৱত A+ আৰু A গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছে (Assam govt education department Gunotsav) ।

তাৰ লগত সংগতি ৰাখি গোলাঘাট উত্তৰ শিক্ষা খণ্ডৰ অন্তৰ্গত হাঁহপানী মধ্য ইংৰাজী বিদ্যালয়ত প্ৰধান শিক্ষক অৰুণ বৰাৰ সভাপতিত্বত গুণোৎসৱৰ ফলাফলত পাৰিদৰ্শিতা দেখুওৱা সন্দৰ্ভত এখন শৈক্ষিক পৰ্যালোচনা সভা অনুষ্ঠিত কৰা হয় (felicitation ceremony at Dergaon Hahpani ME School) । উক্ত পৰ্যালোচনা সভাত মণ্ডল সমন্বয়ক বিতুল দাসে উদ্দেশ্য ব্যাখ্যা কৰে । আমন্ত্ৰিত অতিথি হিচাপে শিক্ষয়িত্ৰী মালবিকা বৰা, প্ৰধান শিক্ষক উদ্ধৱজ্যোতি দাসৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

উত্তৰ শিক্ষা খণ্ডৰ সমল ব্যক্তি ৰাজীৱ শৰ্মাই বিদ্যালয়সমূহৰ শৈক্ষিক মাপকাঠি উন্নত কৰাৰ আদৰ্শ আৰু সৰ্বাংগীণ উন্নতিৰ বাবে গ্ৰহণ কৰা কাৰ্যসূচীসমূহৰ যোগেদি লাভ কৰা সফলতাৰ ক্ষেত্ৰত বিশেষভাৱে অৰিহণা যোগোৱা শিক্ষক-শিক্ষয়িত্ৰী,মাতৃ গোট আৰু বিদ্যালয় পৰিচালনা সমিতি সহিতে সকলোকে প্ৰশংসা কৰে । উক্ত অনুষ্ঠানতে গুণোৎসৱত A+ লাভ কৰা ৬ খন আৰু A স্থান লাভ কৰা বিদ্যালয়ৰ প্ৰধান শিক্ষক-শিক্ষয়িত্ৰীক একোখনকৈ মানপত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জনোৱা হয় ।

ইয়াৰ উপৰি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি-সভানেত্ৰী আৰু মাতৃ গোটক একোখনকৈ উক্ত শৈক্ষিক সভাতেই সম্বৰ্ধনা জনোৱা হয় । আনহাতে, দেৰগাঁৱৰ বিভিন্ন চৰকাৰী বিদ্যালয়ে এইবাৰ গুণোৎসৱত পাৰদৰ্শিতা লাভ কৰাত দেৰগাঁওবাসী উৎফুল্লিত হৈ পৰা দেখা গৈছে ।

লগতে পঢ়ক :5th DC Conference:তিনিদিনীয়া পঞ্চম জিলা উপায়ুক্ত সন্মিলনৰ সফল সামৰণি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.