Tingkhong murder:পুত্ৰৰ দাৰ ঘাপত নিহত পিতৃ; সুস্থিৰ নাছিল ঘৰুৱা পৰিৱেশ - বৰ্বৰ ঘটনা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/02-09-2023/640-480-19417677-thumbnail-16x9-murder.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 2, 2023, 9:18 PM IST
ডিব্ৰুগড়, 2 ছেপ্টেম্বৰ : পাশৱিক, টিংখাঙত ভয়ংকৰ হত্যাকাণ্ড । পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ ৷ চোকা দাৰে ঘপিয়াই ঘপিয়াই পুত্ৰই হত্যা কৰিলে পিতৃক । টিংখাঙৰ মাহমৰা বৰপথাৰ থুলাইচুকত সংঘটিত হৈছে এই বৰ্বৰ ঘটনা । নিহত ব্যক্তিজনৰ নাম সুৰেশ বড়া ৷ পুত্ৰ শান্তনু বড়া (৩০) ই তেওঁক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ হত্যাৰ পিচত কেমেৰাৰ সন্মুখত নিজৰ মন্তব্যও ৰাখে পুত্ৰই ৷ পাৰিবাৰিক কন্দলৰ বাবেই এই ঘটনা সংঘটিত হয় বুলি তেওঁ উল্লেখ কৰিছে ।
ইতিমধ্যে ঘটনাস্থলীত টিংখাং চক্ৰ বিষয়াৰ উপস্থিতিত টিংখাং আৰক্ষী উপস্থিত হৈ ঘাটক পুত্ৰক আটক কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে । পিতৃয়ে প্ৰায়ে মদ খাই ঘৰত অত্যাচাৰ কৰা বুলি উল্লেখ কৰে ঘাটক শান্তনু বড়াই । যোৱা নিশা মাতৃক আক্ৰমণ কৰাৰ পিচত আজি ৰাতিপুৱাই পিতৃয়ে মদ খাই বোৱাৰীয়েকক দাৰে আক্ৰমণ কৰিব লওঁতেই পিতৃৰ হাতত থকা দাখন কাঢ়ি লৈ মূৰত তিনি ঘাপ মৰা বুলি স্বীকাৰ কৰে শান্তনু বড়াই ।
লগতে পঢ়ক : Double murder case: নৃশংস ! বৰ্বৰ ! শোৱাপাটীতে দম্পতীক চোকা অস্ত্ৰেৰে হানি-খুচি হত্যা