thumbnail

Road Accident in Nalbari: নলবাৰীত পথ দুৰ্ঘটনাত থিতাতে নিহত মহিলা

By

Published : Oct 16, 2022, 8:09 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হৰিপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা (Fatal road accident on NH 31 in Nalbari) । আল্ট্ৰা বাছৰ খুন্দাত থিতাতে নিহত এগৰাকী মহিলা (Woman killed hit by bus) । স্কুটীৰে নলবাৰীৰ দিশৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত আল্ট্ৰা বাছখনে পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দূৰ্ঘটনাটো । স্কুটীৰে স্বামী-স্ত্ৰী আৰু কণমানি সন্তানৰ সৈতে নলবাৰীৰ পৰা ঘৰলৈ গৈ আছিল দুৰ্ঘটনাত পতিত পৰিয়ালটো । দুৰ্ঘটনাটোত থিতাতে নিহত হয় জুমী ঠাকুৰীয়া নামৰ মহিলাগৰাকী । আনহাতে, স্বামী দিপুল ঠাকুৰীয়া আৰু কণমানি দেৱশিশুটো কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয় । দুৰ্ঘটনাত পতিত আটাইকেইগৰাকীকে নলবাৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ AS-01-LC-6215 আৰু স্কুটীখনৰ নম্বৰ AS-01-G-0189 ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.