Fake currency seized : নগাঁৱত নকল টকা বনোৱা মেচিনসহ আটক 4 - কচুৱা আৰক্ষীৰ নকল টকাৰ বিৰুদ্ধে অভিযান
🎬 Watch Now: Feature Video


Published : Nov 4, 2023, 1:44 PM IST
বঢ়মপুৰ, 4 নৱেম্বৰ: নগাঁৱৰ কচুৱা শিমুলুগুৰিত কচুৱা আৰক্ষীৰ নকল টকাৰ বিৰুদ্ধে অভিযান ৷ অভিযানত নকল টকা বনোৱা মেচিনসহ নাগালেণ্ডৰ এটি দম্পতীৰ লগতে আন দুটাক আটক কৰে কচুৱা আৰক্ষীয়ে ৷ নকল টকাৰ বাণ্ডিল বিক্ৰী কৰিবলৈ ওলোৱাৰ সময়তে চাৰিওটাক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷
আটকাধীন লোককেইটা ইদ্ৰিছ আলী(শিমুলুগুৰি) উইখান এ শিমৰায়, আনোৱাৰ হুছেইন(টেম্প’ চালক, কামপুৰ) (মণিপুৰ) আৰু মহিলাগৰাকী বুলি জানিব পৰা গৈছে । ধৃতকেইটাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এটা নকল টকা বনোৱা মেচিন, এটা নকল টকাৰ বাণ্ডিল আৰু তিনিটা মোবাইল হেণ্ডছেট ৷
অভিযানকাৰী আৰক্ষীৰ দলটোৱে 9 খন পাঁচশ টকাৰ নোটৰ লগতে দলটোৱে ব্যৱহাৰ কৰা AS 21 C 4119 নম্বৰৰ এখন টেম্প’ জব্দ কৰিছে ৷ বৰ্তমান অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে আটাইৰে ৷