Executive Meeting of asom sahitya sabha : আজিৰে পৰা আৰম্ভ অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভা

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 1:27 PM IST

thumbnail

তিনিচুকীয়া, 1 অক্টোবৰ: অসম সাহিত্য সভাৰ চলিত কাৰ্যকালৰ তৃতীয় পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা দেওবাৰৰ পৰা ডুমডুমা নাট্য মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হৈছে । দুদিনীয়াকৈ আয়োজিত এই কাৰ্যসূচীৰ আজি প্ৰথম দিনা পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণেৰে আৰম্ভ হয় । পতাকা উত্তোলন কৰে অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকাই আৰু স্মৃতি তৰ্পণ কৰে অসম সাহিত্য সভাৰ উপ-সভাপতি ড৹ গিৰীশ সন্দিকৈয়ে । 

দিনৰ ভাগত শিশুসকলৰ মাজত বিভিন্ন বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয় । আবেলি অসম সাহিত্য সভাৰ তৃতীয় পূৰ্ণাংগ কাৰ্যনিৰ্বাহকৰ উদ্বোধনী সভা অনুষ্ঠিত হ’ব । এই উদ্বোধনী সভাতেই কেইবাখনো গ্ৰন্থৰ লগতে স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ’ব ।

আনহাতে, 2 অক্টোবৰ সোমবাৰে পুৱা 10 বজাৰ পৰা অসম সাহিত্য সভাৰ মূল কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হ’ব । এই কাৰ্যনিৰ্বাহক সভাতেই আগন্তুক কাৰ্য বৰ্ষৰ বাবে বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক: Rhino died in Nagaon: বন বিভাগৰ অৱহেলাৰ বাবে কলিয়াবৰত মৃত্যু ঘটিল আঘাতপ্ৰাপ্ত গঁড়ৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.