thumbnail

HSLC exam 2023 : মেট্ৰিক পৰীক্ষা হলত পৰীক্ষা নিয়ন্ত্ৰকে শিক্ষাৰ্থীক মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ

By

Published : Apr 1, 2023, 8:40 PM IST

বাইহাটা চাৰিআলি, 1 এপ্ৰিল : বহু বিতৰ্কৰ অন্তত শনিবাৰে সামৰণি পৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা 2023 (HSLC exam 2023) । অভিযোগ অনুসৰি, এইবাৰ কমলপুৰ সমষ্টিৰ দগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত সৃষ্টি হয় কিছু খেলিমেলি (Mess at examination center of Dagaon Higher Secondary School)৷ এই পৰীক্ষা কেন্দ্ৰটোত একাংশ শিক্ষকৰ বিৰুদ্ধে কিছু গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।

পৰীক্ষা কেন্দ্ৰটোৰ একাংশ পৰীক্ষাৰ্থীয়ে অভিযোগ কৰা অনুসৰি, পৰীক্ষাৰ সময়ত মানসিকভাৱে নিৰ্যাতন চলাইছিল একাংশ পৰীক্ষা নিৰীক্ষকে । ফলত পৰীক্ষাৰ্থীসকলে প্ৰশ্নোত্তৰ লিখাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগাত পৰিছিল ৷ পৰীক্ষাৰ সময়ত কেবাগৰাকীও নিৰীক্ষকে ঘৰুৱা বহুতো অলাগতিয়াল কথা পাতিছিল ৷ ফলত পৰীক্ষাৰ্থীসকলে জনা প্ৰশ্নৰ উত্তৰো নিলিখাকৈ এৰি আহিবলগীয়া হয় । এই অভিযোগ উত্থাপন কৰিছে একাংশ পৰীক্ষাৰ্থীয়ে (Examination controller allegedly mentally tortured students at Baihata) ৷

আনকি এগৰাকী ছাত্ৰীক সাধাৰণ অজুহাত দেখুৱাই পৰীক্ষা চলি থকাৰ সময়তে নিৰীক্ষকে ছয়-সাতবাৰ কৈ বহাৰ ঠাই সলনি কৰিছিল । আন এগৰাকী ছাত্ৰীক আকৌ মাক্স পিন্ধাকলৈয়ো বহু ককৰ্থনা কৰিছিল পৰীক্ষাৰ নিৰীক্ষকে । সংবাদ মাধ্যমৰ আগত এই অভিযোগ উত্থাপন কৰে একাংশ পৰীক্ষাৰ্থীয়ে ৷ অভিযোগ উত্থাপিত হোৱা পৰীক্ষা নিৰীক্ষকৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰে অভিভাৱকসকলেও ৷ 

লগতে পঢ়ক : HSLC 2023 Science paper leak: পৰীক্ষা দিবলৈ গৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত ছাত্ৰ-ছাত্ৰী হৈ পৰিল হতাশ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.