BVFCL Namrup: নামৰূপ সাৰ কাৰাখানা সন্দৰ্ভত প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনৰ প্ৰতিক্ৰিয়া
🎬 Watch Now: Feature Video
নাহৰকটীয়া, 24 জুলাই : নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ আৰু সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে নামৰূপ সাৰ কাৰখানা বন্ধ হোৱাৰ সন্দৰ্ভত দিয়া প্ৰতিক্ৰিয়াৰ পিচতেই কংগ্ৰেছৰ নাহৰকটীয়াৰ প্ৰাক্তন বিধায়িকা প্ৰণতি ফুকনে প্ৰতিক্ৰিয়া কৰিছে ৷ প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনে বিধায়ক তৰংগ গগৈ আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, এওঁলোকৰ কথাৰ কোনো মূল্য নাই বুলি মন্তব্য কৰে ৷
তেওঁ কয় যে, নামৰূপ-নাহৰকটীয়াৰ ৰাইজে আশা কৰিছিল যে, বিজেপি চৰকাৰে এই উদ্যোগটো জীয়াই তুলিব ৷ ঠিক একেদৰে নিৰ্বাচনৰ সময়ত তেখেতসকলে এই উদ্যোগটো পুনৰুজ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতিও দিছিল ৷ কিন্তু অতি পৰিতাপৰ কথা যে, এই উদ্যোগটো জীয়াই ৰাখিবলৈ তেওঁলোকে কোনো পদক্ষেপেই গ্ৰহণ নকৰিলে বুলি মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷
প্ৰাক্তন বিধায়িকা গৰাকীয়ে লগতে কয় যে, বিজেপি চৰকাৰৰ এই 9 বছৰত এই উদ্যোগটো জীয়াই ৰাখিবৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে ৷ মাজতে এই উদ্যোগলৈ 100 কোটি টকাৰ আৱণ্টন দিয়াৰ কথা কৈছিল চৰকাৰে ৷ কিন্তু এই 100 কোটি টকা ক’ত, কোনে কি কৰিলে সেইয়া নাহৰকটীয়া তথা নামৰূপৰ ৰাইজে সম্ভেদ নাপায় ৷ শেহতীয়াকৈ সংসদত এই উদ্যোগটো বন্ধ হৈ যাব বুলিহে তেওঁলোকে কৈছে বুলি কয় প্ৰাক্তন বিধায়ক প্ৰণতি ফুকনে ৷ লগতে চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ বাবেই এই উদ্যোগটো এতিয়া ধ্বংসপ্ৰায় হৈছে, মৃত্যুমুখলৈ গতি কৰিছে বুলি উল্লেখ কৰে তেওঁ ৷
লগতে পঢ়ক : Namrup BVFCL: নামৰূপ সাৰ কাৰাখানা বন্ধক লৈ প্ৰাক্তন আলফা নেতা প্ৰাণজিৎ শইকীয়াৰ প্ৰতিক্ৰিয়া