Book inauguration programme: মৰাণত প্ৰাক্তন মন্ত্ৰী এতোৱা মুণ্ডাৰ গ্ৰন্থ উন্মোচন - অসমৰ চাহ জনগোষ্ঠী আদিবাসী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13-11-2023/640-480-20010141-thumbnail-16x9-hui.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 13, 2023, 9:50 AM IST
ডিব্ৰুগড়, 13 নৱেম্বৰ: পুনৰ এগৰাকী কংগ্ৰেছী নেতাক সৃষ্টি কৰ্মত নিমজ্জিত হোৱা পৰিলক্ষিত হৈছে ৰাজ্যৰ ৷ ভূপেন বৰাৰ পিচত এইবাৰ সৃষ্টিকৰ্মৰে সংবাদ মাধ্যমৰ চৰ্চা লাভ কৰিছে জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা প্ৰাক্তন বন মন্ত্ৰী এতোৱা মুণ্ডাক । ৰাজনীতিৰ সমানে এইবাৰ সাহিত্য চৰ্চাত ব্যস্ত হৈ পৰিছে টিংখাং সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰীগৰাকী ।
প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে লিখি উলিওৱা চাহ জনগোষ্ঠী তথা আদিবাসীসকলৰ কিলি আৰু গোত্ৰ সম্বন্ধীয় এখন পুস্তিকা দেওবাৰে মৰাণৰ ডাক বাংলাত উন্মোচন কৰা হয় ৷ প্ৰাক্তন মন্ত্ৰীজনে লিখা তথ্যসমৃদ্ধ "অসমৰ চাহ জনগোষ্ঠী আদিবাসী সকলৰ কিলি আৰু গোত্ৰ" পুস্তিকাখন দেওবাৰে বিয়লি মৰাণৰ গড়কাপ্তানি পৰিদৰ্শন ভৱনত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰে মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা লোক সংস্কৃতিৰ সাধক ড° অনিল শইকীয়াই ।
উক্ত অনুষ্ঠানত মৰাণৰ জ্যেষ্ঠ সাংবাদিক বাছা বৰা, শোভিত কুমাৰ ছেত্ৰী, আগছু ডিব্ৰুগড় জিলা সভাপতি, আছা, আটছা আদি বহু দল-সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকে । ৰাজনীতিৰ সমান্তৰালভাৱে মাতৃভাষাত সাহিত্য চৰ্চা অব্যাহত ৰাখিব বুলি কয় প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক: PM Vishwakarma Yojana 2023: টিংখাঙত প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাক লৈ বিশাল সজাগতা সভা