Erosion in Nalbari: নলবাৰীৰ লাৰকুছিত ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱা ভগ্ন মথাউৰি বচোৱাত তৎপৰ জলসম্পদ বিভাগৰ - ব্ৰহ্মপুত্ৰৰ বুকুত জাহ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 6:16 PM IST

নলবাৰী, ২৮ ছেপ্টেম্বৰ: নলবাৰীৰ লাৰকুছিত ব্ৰহ্মপুত্ৰ নৈৰ গাতে লাগি থকা মথাউৰিটোত খহনীয়াৰ সৃষ্টি হোৱাত নিশাৰে পৰা ৰাইজ আতংকিত হৈ উজাগৰী নিশা কটাবলগীয়া হৈছে । ব্ৰহ্মপুত্ৰৰ খহনীয়াত নিশা কোন মূহুৰ্তত মথাউৰিটো চিগি যায় তাৰ কোনো নিশ্চয়তা নাছিল । যাৰ ফলত বুধবাৰে নিশা শংকাত পাৰ কৰিছিল লাৰকুছিকে ধৰি প্ৰায় দহখন গাঁৱৰ ৰাইজে ।

খহনীয়াৰ ফলত নিশা মথাউৰিটোত প্ৰায় ৫০ মিটাৰ অংশ নৈৰ বুকুত জাহ যায় । খহনীয়াত আতংকিত হৈ নৈপৰীয়া কেইবাটাও পৰিয়ালে নিৰাপদ স্থানলৈ ঢাপলি মেলিছে । অৱশ্যে বৰ্তমান সময়ত নৈৰ পানীৰ পৰিমাণ কম থকা বাবে জনবসতি অঞ্চলত নৈৰ পানী এতিয়ালৈ প্ৰৱেশ কৰা নাই । কিন্তু ব্ৰহ্মপুত্ৰ নৈৰ জলস্তৰ বৃদ্ধি পালে প্ৰায় ২০ খনকৈ গাঁও প্লাবিত হোৱাৰ আশংকা কৰা হৈছে ।

ইতিমধ্যে খহনীয়া স্থলত জলসম্পদ বিভাগৰ লোক উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে । উল্লেখ্য যে, দুমাহ পূৰ্বে মথাউৰিটোৰ উক্ত স্থানতে এটা বৃহৎ অংশ খহি গৈছিল । তাৰ পিচত জলসম্পদ বিভাগে মথাউৰিটোৰ উক্ত স্থান মেৰামতি কৰে । নিশা পুনৰ মথাউৰিটোৰ একে স্থানতে প্ৰায় ৫০ মিটাৰ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায় ।

লগতে পঢ়ক: Erosion in Nalbari: গছৰ ডাল বাঁহেৰে লুইতৰ খহনীয়া ৰোধৰ চেষ্টা নলবাৰীত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.