Erosion in Dibrugarh: ডিব্ৰুগড়ত পুনৰ ভয়াৱহ হৈ উঠিছে ব্ৰহ্মপুত্ৰৰ খহনীয়া - Brahmaputra erosion in Dibrugarh

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 28, 2023, 3:27 PM IST

ডিব্ৰুগড়, 28 মে’: ব্ৰহ্মপুত্ৰৰ খহনীয়াই পুনৰ ভয়াৱহ ৰূপ লৈছে ডিব্ৰুগড় চহৰৰ উপকন্ঠ অঞ্চলত ৷ মাইজান আৰু চহৰখনৰ কয়লাঘাটত হোৱা বৰলুইতৰ ব্যাপক খহনীয়াৰ আতংক মাৰ নৌযাওঁতেই এইবাৰ চহৰখনৰ উপকন্ঠ অঞ্চলৰ আন এটা অংশত তীব্ৰতৰ ৰূপ লৈছে খহনীয়াই (Erosion of Brahmaputra River in Dibrugarh) ৷  

মাইজানৰ মথলাৰ পৰা ছেভেন পইন্টলৈকে হোৱা ব্ৰহ্মপুত্ৰৰ এই ভয়াৱহ খহনীয়াক লৈ আতংকিত হৈ পৰিছে নৈপৰীয়া ৷ উটুৱাই নিছে ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱহাৰ কৰা জিঅ'বেগ আৰু পাৰ্কুপাইন ৷ যাৰ বাবে এই খহনীয়াই প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিছে ঐতিহাসিক চহৰখনলৈ ৷

জলসম্পদ বিভাগৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতা আৰু অমনোযোগিতাৰ বাবে ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়ংকৰ ৰূপ লৈছে মাইজানত (Brahmaputra erosion in Dibrugarh) ৷ সময় থাকোঁতেই বিজ্ঞানসন্মত ব্যৱস্থাৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰা হ'লে এই অভাৱনীয় পৰিৱেশ নহ'লহেঁতেন বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে (Erosion in Dibrugarh) ৷  

বিভাগীয় কৰ্তৃপক্ষৰ সোপাঢিলা নীতিক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে ডিব্ৰুগড় আছুৱে ৷ চহৰখনৰ সুৰক্ষাৰ স্বাৰ্থত, ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ স্বাৰ্থত অতি শীঘ্ৰে ব্ৰহ্মপুত্ৰৰ এই খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে ডিব্ৰুগড় আছুৱে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ প্ৰদান কৰিছে (AASU Reacts on Erosion in Dibrugarh) ৷

লগতে পঢ়ক: Eviction in Orang National Park : ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বেদখলকৃত ভূমিত আৰম্ভ উচ্ছেদ অভিযান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.