thumbnail

Older person and environmental protection campaign: ৭৫ বছৰতো পৰিবেশ সুৰক্ষা অভিযান, চাইকেলেৰে বাংলাদেশলৈ যাত্ৰা

By

Published : Mar 2, 2023, 11:05 AM IST

যোৰহাট, ২ মাৰ্চ: স্বচ্ছ ভাৰত, সু-স্বাস্থ্য, মুক্ত পৰিৱেশ আৰু শান্তি সম্প্ৰীতিৰ বিষয়ে সজাগতা সৃষ্টিৰ লক্ষ্যৰে এগৰাকী 75 বছৰীয়া ব্যক্তিয়ে দিল্লীৰ পিছত এইবাৰ বাংলাদেশলৈ যাত্ৰা আৰম্ভ কৰিছে (Older person and environmental protection campaign)। বুধবাৰে মাংগলিক ধ্বনিৰে তিতাবৰৰ পৰা বাংলাদেশলৈ আৰম্ভ কৰিলে এই যাত্ৰা । ২০১৮ চনত চাইকেলেৰে দিল্লী যাত্ৰা সফলভাৱে সম্পন্ন কৰাৰ পিছত যোৰহাটৰ তিতাবৰ ন-আলিৰ ঢেকীয়াজুলি অঞ্চলৰ নবীন চন্দ্ৰ দত্ত নামৰ 75 বছৰীয়া ব্যক্তিগৰাকীয়ে পুনৰ চাইকেলেৰে আৰম্ভ কৰিছে বাংলাদেশ যাত্ৰা ।

স্বচ্ছ ভাৰতৰ বিষয়ে প্ৰচাৰ কৰাৰ লগতে সকলোৱে যাতে সু-স্বাস্থ্যৰে জীয়াই থকা আৰু মুক্ত পৰিৱেশৰ বাবে ৰাইজক সজাগ কৰাৰ লক্ষ্যৰে নবীন চন্দ্ৰ দত্তই চাইকেলেৰে এইবাৰ বিদেশলৈ যাত্ৰা কৰিছে (Swachh Bharat Mission)। সকলো দেশৰ জনগণে শান্তি সম্প্ৰীতিৰে যাতে বসবাস কৰিব পাৰে সেই উদ্দেশ্য় আগত ৰাখি অসম তথা ভাৰতৰ বিভিন্ন ৰাজ্য পূৰ্বে ভ্ৰমণ কৰাৰ পিছত এইবাৰ ওলাইছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ । বুধবাৰে তিতাবৰৰ নিজ গৃহৰ পৰা ভ্ৰমণ আৰম্ভ কৰাৰ আগমুহূৰ্তত অঞ্চলটোৰ ৰাইজৰ লগতে যোৰহাট জিলাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে সম্বৰ্ধনা জ্ঞাপন কৰি তেওঁৰ সুস্বাস্থ্য কামনা কৰে ।

এই প্ৰসংগত নবীন চন্দ্ৰ দত্তই কয় যে বৰ্তমান সমগ্ৰ বিশ্বৰ লগতে দেশত ব্যাপক হাৰত জলবায়ুৰ পৰিৱতন ঘটিছে । ফলত ইয়াৰ কু-ফল ভোগ কৰিছে মানৱ জাতিয়ে । আনহাতে, ব্যাপক হাৰত বন ধ্বংসযজ্ঞ আৰু পাহাৰ খননৰ বাবে পৰিৱেশ দূষিত হৈ আহিছে । ফলত বায়ু প্ৰদূষণৰ লগতে অন্যান্য সমস্য়াই গা কৰি উঠা পৰিলক্ষিত হৈছে । তাৰ কাৰণে ভয়ংকৰ বিপদৰ দিশে গতি কৰিছে মানৱ জাতি । 

এনেবোৰ কাৰকৰ পৰা মানৱ জাতিক ৰক্ষা কৰিবৰ বাবে জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্য়ে পূৰ্বৰে পৰাই নবীন চন্দ্ৰ দত্তই চাইকেলেৰে বিভিন্ন ঠাই ভ্ৰমণ কৰি আহিছে । তেওঁ পৰিৱেশ ৰক্ষাৰ বাবে সজাগতা সৃষ্টি তথা প্ৰচাৰ কৰি আহিছে । লগতে সময় থাকোতেই সচেতন মানৱ সমাজ আৰু চৰকাৰে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলিও তেওঁ কয় ।

লগতে পঢ়ক:Election results 2023: পুৱা 8 বজাৰ পৰা আৰম্ভ হ’ব ত্ৰিপুৰা-মেঘালয়-নাগালেণ্ডৰ ভোটগণনা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.