মুৰ্কংচেলেকত বিশিষ্ট শিক্ষাবিদ ডিৰাম কুম্বাঙৰ মৃত্যুবাৰ্ষিকী পালন - Eminent educationist Kumbang death anniversary

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 9:46 AM IST

জোনাই, 12 ডিচেম্বৰ : জোনাই-মুৰ্কংচেলেক অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, সমাজ সংগঠক, মিচিং আগম কেবাঙৰ প্ৰাক্তন সভাপতি আৰু জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ প্ৰয়াত ডিৰাম কুম্বাঙৰ মৃত্যুবাৰ্ষিকী পালন কৰা হয় ৷ গুৰবান সাহিত্য গোষ্ঠীৰ উদ্যোগত আৰু জোনাই প্ৰেছ ক্লাবৰ সহযোগত বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, সমাজ সংগঠক তথা অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ প্ৰয়াত কুম্বাঙৰ মৃত্যুবাৰ্ষিকী উপলক্ষে সোমবাৰে এখনি স্মৃতিচাৰণ সভা এখন অনুষ্ঠিত হয় ৷

মুৰ্কংচেলেক মিচিং কৃষ্টি ভৱনৰ চৌহদত অৱস্থিত বিশিষ্ট শিক্ষাবিদ ডিৰাম কুম্বাঙৰ প্ৰতিমূৰ্তিস্থলীত অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাত প্ৰথমতে দঞি পঃল য়েলাম কেবাঙৰ হৈ মাণিক দাঙৰ দ্বাৰা বিশিষ্ট শিক্ষাবিদ ডিৰাম কুম্বাঙৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ উক্ত অনুষ্ঠানত গুৰবান সাহিত্য গোষ্ঠীৰ মুখ্য সম্পাদক ড৹ দীপক কুমাৰ দলে আৰু জোনাই প্ৰেছ ক্লাবৰ সভাপতি ৰয়েল পেগু, বিশিষ্ট সাহিত্যিক শিল্পী ইন্দ্ৰেশ্বৰ পেগু আৰু মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ হৰকান্ত পেগুৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল ৷

স্মৃতিচাৰণ সভাত বক্তাসকলে ডিৰাম কুম্বাঙক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে শৈক্ষিক দিশৰ লগতে মিচিং আৰু অসমীয়া ভাষা-সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়োৱা পুৰোধা ব্যক্তিগৰাকীক জোনাই-মুৰ্কংচেলেক অঞ্চল নিৰ্মাণৰ অন্যতম খনিকৰ আছিল বুলি মন্তব্য কৰে । তদুপৰি নিভাঁজ তথা প্ৰগতিশীল জাতীয়তাবাদী চিন্তা-চেতনাৰে প্ৰোজ্জ্বল ডিৰাম কুম্বাঙৰ জীৱন আদৰ্শ আৰু কৰ্মৰাজিয়ে নতুন প্ৰজন্মৰ বাবে সদায় প্ৰেৰণৰ অমল উৎস হৈ ৰ'ব বুলি তেওঁলোকে আশা ব্যক্ত কৰে । উল্লেখ্য যে, বিশিষ্ট শিক্ষাবিদ ডিৰাম কুম্বাঙে ১৯৩১ চনত জন্মগ্ৰহণ কৰি বৰ্ণিল জীৱন পৰিক্ৰমাৰে জাতীয় জীৱনলৈ নতুন প্ৰভাত আনি অৱশেষত ২০১২ চনৰ ১১ ডিচেম্বৰত বৈকুণ্ঠগামী হয় ।

লগতে পঢ়ক : সামৰণি পৰিল হাজং জাতীয় পৰিষদ, হাজং ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.