কামপুৰত হাতীৰ আক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ নেদেখাজনক ৰাইজে জনালে সেৱা

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 2:08 PM IST

thumbnail

বঢ়মপুৰ, ২৭ ডিচেম্বৰ: ৰাজ্য়ত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত । এইবাৰ নেদেখাজনৰ ওচৰত শৰণাপন্ন হৈ কামপুৰৰ এটা অঞ্চলৰ ৰাইজে বন্যহস্তীলৈ আগবঢ়ালে ভোগ ৷ বিগত দুমাহ ধৰি কামপুৰৰ বিভিন্ন অঞ্চলত বন্যহস্তীৰ এটা বৃহৎ জাকে পথাৰত ধান, শাক পাচলি খায় তহিলং কৰাৰ লগতে বহু লোকৰ বাসগৃহৰ ক্ষতিসাধন কৰিছে ৷ যাৰ বাবে উপায়ন্তৰ হৈ কামপুৰ দৰঙিয়াল গাঁও আৰু মহগৰীয়াআটি গাঁৱৰ ৰাইজে পথাৰৰ মাজত বন্যহস্তীৰ বাবে কলগছ, ধান, চাউল, ফল ফলহাকে ধৰি বিভিন্ন খাদ্য যোগান ধৰি নেদেখাজনৰ ওচৰত শৰণাপন্ন হৈ ভোগ আগবঢ়াইছে ৷  

স্থানীয় ৰাইজে এই ভোগ বন্যহস্তীয়ে গ্ৰহণ কৰি নিজৰ স্থানলৈ গতি কৰি ৰাইজক আৰু ক্ষতিসাধন নকৰে বুলি বিশ্বাস কৰি আহিছে ৷ এইসকল  ক্ষতিগ্ৰস্ত কৃষকক শীঘ্ৰে ক্ষতিপূৰণ দিবলৈ ৰাইজে বন বিভাগ আৰু চৰকাৰক দাবী জনাইছে ।

লগতে পঢ়ক:কলগাছিয়াৰ সাওৰাচৰাত চৰকাৰী ভূমিত অবৈধ মাটিখনন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.