thumbnail

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 10:54 PM IST

ETV Bharat / Videos

Sexual assault case: ৫ বছৰীয়া শিশুক যৌন আতিশয্য চলোৱাৰ অভিযোগ

বৰপেটাৰোড,২০ ছেপ্টেম্বৰ: চৰকাৰে শিশু সুৰক্ষা আইনৰ ক্ষেত্ৰত যিটো সময়ত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ঠিক তেনে সময়তে শিশুৰ ওপৰত যৌন আতিশয্য চলাই আহিছে একাংশ মানৱ ৰূপী দানৱে । বৰপেটাৰোডত সংঘটিত হয় মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা ৷ ৫০ উৰ্ধৰ এক লম্পটৰ কামনাৰ বলি হ'ল মাতৃহাৰা এটি ৫ বছৰীয়া শিশু ৷  

খোৱা বস্তু দিয়াৰ প্ৰলোভনেৰে ফুচুলাই মাতি আনি এই জঘন্য ঘটনা সংঘটিত কৰাৰ অভিযোগ লম্পটৰ বিৰুদ্ধে । মন্দিৰৰ পিছফালে মাতি আনি মাতৃহাৰা কন্যা শিশুটিৰ ওপৰত যৌন আতিশয্য চলোৱাৰ অভিযোগ উত্থাপন হৈছে লম্পট শ্ৰীকান্ত বৈষ্ণৱ নামৰ ৫০ উৰ্ধৰ ব্যক্তিৰ বিৰুদ্ধে ।  

শ্ৰীকান্ত বৈষ্ণৱ নামৰ ৫০ উৰ্ধৰ লম্পটটোৱে ফুলকুমলীয়া শিশুটিক যৌন আতিশয্য চলোৱাৰ ঘটনা সম্পৰ্কত বৰপেটাৰোড আৰক্ষীক অৱগত কৰোৱাৰ পাছত বৰপেটাৰোড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লম্পটটোক । বৰপেটাৰোড আৰক্ষীয়ে এই জঘন্য ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।  

লগতে পঢ়ক: Women's Reservation Bill: মহিলা সংৰক্ষণ বিধেয়ক আইনলৈ ৰূপান্তৰিত হ’লে কি প্ৰভাৱ পৰিব অসমত ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.